বীজাণুনাশক মানৱদেহৰ বাবে ক্ষতিকাৰক হ’ব পাৰেঃ হু

15china tracking 1 superJumbo

কৰ’না ভাইৰাছৰ আতংকত ভাৰতকে ধৰি বিভিন্ন দেশত বাটে পথে চৰকাৰে গ্ৰহণ কৰা বীজাণুমুক্ত অভিযানৰ দ্বাৰা হিতে বিপৰীত হ’ব পাৰে বুলি সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ বিভিন্ন দেশত বাটে পথে ছটিওৱা বীজাণুমুক্ত সামগ্ৰীয়ে কৰ’না ভাইৰাছ নাশ নকৰে আৰু ইয়াৰ পৰিৱৰ্তে মানৱ দেহৰ প্ৰতিহে ভাবুকি কঢ়িয়াই বুলি হুৱে সকীয়াই দিছে ৷ এনেদৰে বীজাণুনাশক সামগ্ৰী ছটিয়ালে কোনো ফলাফল লাভ নকৰিব বুলি সংস্থাটোৱে কয় ৷ বীজাণুনাশক সামগ্ৰী স্প্ৰে’ বিভিন্ন বাট পথ, বজাৰ আদিত গেছীয় সামগ্ৰী প্ৰয়োগ কৰি ক’ভিড-১৯ ৰ বীজাণুনাশৰ পদ্ধতি অনুমোদিত নহয়  ৷ কিয়নো ধূলি-বালি, ময়লা আৰু আৱৰ্জনাৰ দ্বাৰা এনে সামগ্ৰী অকাৰ্যক্ষম হৈ পৰে ৷ এইদৰে হুৱে ব্যাখ্যা কৰি লগতে কয় যে কোনো ধৰণৰ বীজাণুনাশৰ বাবে এই পদ্ধতি লাভজনক নহয় ।

তদুপৰি এটা বীজাণু শক্তি নাশৰ বাবে কোনো ৰাসায়নিক দ্ৰব্য নিৰ্দিষ্ট সময়ৰ বাবে বীজাণুৰ গাত লাগি থাকিব লাগিব আৰু সকলো স্থানতে নিৰ্দিষ্ট সময় ধৰি বীজাণুনাশক সামগ্ৰীয়ে স্পৰ্শ কৰি থাকিব লাগিব । এনে পদ্ধতিৰ দ্বাৰা সেয়া কিমানদূৰ সম্ভৱ হ’ব তাৰ নিশ্চয়তা নাই নিশ্চয়তা নাই বুলি সংস্থাটোৱে কয় ৷ আনহাতে বাট পথসমূহ ক’ভিড-১৯ৰ বীজাণু আৱাসস্থলী বা সংৰক্ষণস্থলী বুলি বিবেচনা কৰা নহয় । এইদৰে বীজাণু নাশক ছটিওৱাটো মানুহৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহ হ’ব পাৰে বুলি হুৱে সকীয়াই দিয়ে ৷ তদুপৰি মানুহৰ গালৈ এনে সামগ্ৰী ছটিওৱাটো কোনো পৰিস্থিতিতে অনুমোদিত নহয় বুলি হুৱে স্পষ্ট কৰি দিয়ে । হুৱে স্পষ্ট কৰি দিয়ে যে যদিহে বীজাণুনাশক ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে এখন কাপোৰ আদি জাতীয় সামগ্ৰী বীজাণুনাশকত জুবুৰিয়াই স্থান মচিব লাগিব ৷ তাৰ পৰিৱৰ্তে ঘৰৰ ভিতৰতো এইদৰে স্পে ব্যৱহাৰ কৰিলে কোনো ধৰণে ফলদায়ক নহ’ব ৷

ক’ভিড-১৯ বহু সময়লৈ সক্ৰিয় হৈ থাকে যদিও কিমান ঘন্টা সক্ৰিয় হৈ থাকে সেই বিষয়ে স্পষ্ট হোৱা নাই ৷ ইপিনে ভাৰত চৰকাৰে ক’ভিড-১৯ ৰ মোকাবিলাৰ বাবে মানুহৰ ওপৰত বীজাণুনাশক সামগ্ৰী স্প্ৰে কৰাৰ বিৰুদ্ধে পৰামৰ্শ আগবঢ়াই কয় যে এনে কাৰ্য শাৰাৰিক আৰু মানসিকভাৱে ক্ষতিকাৰক হ’ব পাৰে ৷ মানুহৰ শৰীৰত অথবা কাপোৰ-কানিত ই সক্ৰিয় হৈ থকাৰ কোনো বৈজ্ঞানিক ভিত্তিৰ তথ্য নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয়। এই তথ্য অনুসৰি এনেদৰে বীজাণুনাশক ছটিওৱাৰ বিষয়ে তেওঁলোকে বিভিন্নজনৰ প্ৰশ্নৰ সন্মুখীন হৈছে ৷ মন্ত্ৰ্যালয়ে কয় যে জিলা আৰু স্থানীয় পৰ্যায়ত এনেদৰে বীজাণুনাশক, ৰাসায়নিক সামগ্ৰী প্ৰয়োগ হোৱা দেখা গৈছে ৷ কোনো পৰিস্থিতিত মানুহৰ গালৈ এনে বীজাণুনাশক ছটিওৱাটো অনুমোদিত নহয় বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় ৷ ই শাৰীৰিক মানসিক ক্ষতি সাধন কৰিব বুলিও স্পষ্ট কৰে ৷

Exit mobile version