দেশত যেতিয়াৰ পৰা তলাবন্ধ ঘোষণা কৰা হয় তেতিয়াৰ পৰা মই ঘৰৰ বাহিৰলৈ ওলোৱা নাই । ক’ব পাৰি যে ঘৰৰ পৰা ওলোৱা সোমোৱাৰ দুৱাৰ সম্পূৰ্ণ বন্ধ । চৰকাৰে মানুহক বাহিৰলৈ ওলাবলৈ মানা কৰিছে। মোৰ বয়সৰ মানুহকতো ভূলতো হাক দিছে । গতিকে দৰ্জা খুলি মই ওলাই যোৱাৰতো কথাই নাহে । ঘৰৰ মানুহে, শুভাকাংক্ষী সকলোৱে নোলোৱাৰ কথাই কয় । মোৰ ডাক্তৰে বাৰে বাৰে সকীয়াই দি আহিছে যে ‘বি ছেইফ’ । গতিকে ঘৰৰ ভিতৰলৈ সম্পূৰ্ণ সোমাই আছো ।
বাহিৰৰ পৃথিৱীখনৰ লগত তিনিটা মাধ্যমেৰে চলি আছে- ম’বাইল ফোন, বাতৰি কাকত, টিভি । ফোনেৰে মানুহবোৰৰ লগত কথা পাতিছোঁ । নিপন গোস্বামী, দীনেশ দাসহতৰ খবৰ লওঁ, তেওঁলোকেও মোৰ খবৰ লৈ আছে । সকলোৱে ঘৰত সোমাই থকাৰ কথা কয় । কাকতবোৰ উৰাই ঘূৰাই পঢ়িছোঁ । বহু খবৰ জানিছো, নজনা বহু বিশ্লেষণ পঢ়িবলৈ পাইছো । টিভিৰ বাতৰিবোৰ চাওঁ,অন্য অনুষ্ঠানো চাইছো । সময়বোৰ এনেদৰে পাৰ হৈছে । বন্ধ বুলি ৰৈ থকা বহুত কামো হৈছে ।
এইকেইদিন বহুত ভাল ভাল চুটি ছবি চাইছো। বঁটা পোৱা ছবিবোৰো চাইছো । অপূৰ্ব ! গুলজাৰৰ এখন ছবিয়ে বৰকৈ আকৰ্ষিত কৰিছে। বহু দিনৰ পৰা ভাল ছবিবোৰ চোৱাৰ যি হাবিয়াস আছিল সেয়া তলাবন্ধই পূৰণ কৰিছে । অভিনয় বুলি ক’লে যি তলাবন্ধৰ আগে আগে এখন হিন্দী ছিৰিয়েলত অভিনয় কৰি উঠিছিলো । তাৰ পাছৰ পৰাতো কামেই বন্ধ । অসমৰ ছবি জগতখনে শেহতীয়াকৈ নতুন গতি এটা পাইছিল । ভাল ভাল নতুন ছবিৰ নিৰ্মাণ আৰম্ভ হৈছিল। সেই মুহূৰ্ততে কৰ’না ভাইৰাছৰ প্ৰকোপত সকলো বন্ধ হৈ পৰিল । এদিনতো আকৌ ভাল দিন আহিবই । এতিয়া সেই দিনটোৰ অপেক্ষাত বন্দী হৈ আছো ।
অসমত ইমান বেছি প্রতিভাশালী ল’ৰা-ছোৱালী আছে যে এটা সময়ত কল্পনাই কৰিব পৰা নাছিলো । সেই প্ৰতিভাবোৰতো এনেয়ে যাব নোৱাৰে । পৃথিৱীয়ে তেওঁলোকক অতি সোনকালে সুযোগ দিব। এই কেইদিন ভাবিছো যে আমাৰ মৰমৰ পৃথিৱীখনত পাপৰ বোজা হয়তো বহুত বাঢ়ি গৈছিল । প্ৰকৃতিয়ে তাৰ প্ৰতিশোধ লৈছে । আমাৰ বহুতে আকৌ কয়, ‘মোৰ অমুক বিদেশত থাকে, তমুক দেশত থাকে’, সেইবোৰো প্ৰকৃততে মূল্যহীন দাবী । আমি এখনৰ পিছত আনখন আগৰণুৱা দেশ কৰ’নাৰ সন্ত্ৰাসত বিধ্বস্ত । মানুহে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিলে আমি অচিৰে এখন সুন্দৰ পৃথিৱী পাম । হয়তো প্ৰকৃতিয়েই আমাক আত্মশুদ্ধিৰ সেই সুযোগ দিছে।