কৰ’নাৰ আতংকৰ বাবেই সৎকাৰৰ পৰা বঞ্চিত মৃতদেহ

34

বিশ্বব্যাপী থকা কৰ’নাতংকৰ বাবেই সৎকাৰৰ পৰা বঞ্চিত হ’ল এটি মৃতদেহ ৷ হোম কোৱাৰেন্টাইনত থকা অৱস্থাত এজন জনৰ মৃত্যু হোৱাৰ পিছতহে হাহাকাৰ লাগিল বিশ্বনাথ জিলাৰ বিহালীৰ এখন গাঁৱত । দীৰ্ঘদিন ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকা এজন ৰোগীৰ মৃত্যুৰ পিছতে সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়া এজনো ৷ উল্লেখযোগ্য যে বিহালীৰ ৰাজু শৰ্মা নামৰ এজন লোক আক্ৰান্ত হৈছিল কৰ্কটৰোগত ৷ বিগত কিছুদিন ধৰি গুৱাহাটী বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছিল ৰাজু শৰ্মা ৷ ১৭ মে’ত ৰাজু শৰ্মা নিজ গৃহলৈ উভতি অহাৰ পিছত স্বাস্থ্য বিভাগে হোম কোৱাৰেন্টাইন কৰে ৷

ইয়াৰ পিছত হঠাৎ ৰাজু শৰ্মা মৃত্যু মুখত পৰাত আতংকিত হৈ পৰে গাঁৱবাসী ৷ ইফালে মৃতদেহ সৎকাৰৰ বাবে গাঁৱবাসীয়ে বাৰম্বাৰ বিশ্ব নাথৰ স্বাস্থ্য বিভাগক খবৰ দিয়ে যদিও আগবাঢ়ি নাহিল বিভাগটো ৷ আনহাতে পৰিয়ালৰ লোক গাড়ী ভাড়া কৰি মৃতদেহটো বিহালীৰ মৰ্গলৈ নিব বিছাৰিছিল যদিও কৰ’নাৰ আতংকৰ কাৰণে কোনো লোক আগবাঢ়ি নাহিল ৷ মৃত ৰাজু শৰ্মাৰ পত্নী, তিনি বছৰীয়া শিশু আৰু ছবছৰীয়া এটি সন্তানৰ লগত উপায়হীন হৈ স্বাস্থ্যকৰ্মী অহালৈ অপেক্ষা কৰে ৷ ইয়াৰ পিছতে নিশা প্ৰায় ১২মান বজাতহে স্বাস্থ্য বিভাগৰ লোক আহি উপস্থিত হয় ৷ আৰু ৰাজু শৰ্মাৰ মৃতদেহটো বিহালী মৰ্গলৈ লৈ যায় ৷ইফালে যদিহে ৰাজু শৰ্মাৰ কৰ’না ভাইৰাছ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে তেতিয়াহে মৃতদেহটো চমজাই দিয়া হ’ব বুলি পৰিয়ালক জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ৷

Exit mobile version