১৭৩৭ৰ পাছত এনে দুৰ্যোগৰ সন্মূখীন হ’ল পশ্চিমবংগ ঃ ক’লে মুখ্যমন্ত্ৰী মমতাই
মহাঘূর্ণী ‘আমপান’ৰ তাণ্ডৱত পশ্চিমবংগত ৮০ জন লোকৰ মৃত্যু হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে কলকাতাত ১৯ জন আৰু বিভিন্ন ৰাজ্যত ৬১ জনৰ প্রাণ হানি হৈছে । ৰাজ্য চৰকাৰে ক্ষয় ক্ষতিৰ মেৰামতিৰ বাবে এহেজাৰ কোটি টকা মোকলাই দিছে । কৰ’নাৰ ফলত সৃষ্টি হোৱা আৰ্থিক সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ধন হিচাপ কৰি ব্যয় কৰিবলৈ মমতাই নিৰ্দেশ দিছে । ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এহেজাৰ কোটি টকা আদায় দিয়া হ’ব বুলি ঘোষণা কৰে । বিধস্ত অঞ্চল পৰিদৰ্শনৰ লগতে প্ৰশাসনিক বৈঠকৰ পাছত প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে । অৱশ্যে কেন্দ্ৰই কি পেকেজ দিব সেয়া স্পষ্ট নহয় বুলি মমতাই কয়।
যোৱাকালি পুৱা ১১ বজাত কলকাতা বিমান কোঠাত অৱতৰণ কৰা মোদীক আদৰণি জনাই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী মমতাই । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষ, কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় আদিও উপস্থিত আছিল । প্ৰধানমন্ত্ৰী মোদীয়ে হেলিকপ্টাৰেৰে দক্ষিণ ২৪ পৰগনাৰ গোছাবা, কুলতলি, ডায়মণ্ড হাৰবাৰ আদি অঞ্চল তথা উত্তৰ ২৪ পৰগনাৰ ৰাজাৰহাট, মিনাখা, হাছনাবাগ, বছিৰহাট আদি অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । তেওঁৰ স’তে আছিল ৰাজ্যপাল জগদীপ ধনখড় আৰু মুখ্যমন্ত্ৰী মমতা। বছিৰহাট কলেজত প্ৰশাসনিক বৈঠকত ক্ষয় ক্ষতিৰ হিচাপ লয় মোদীয়ে। ইয়াৰ পিছত তেওঁ এহেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে। তদুপৰি মৃতকৰ পৰিয়ালক দুই লাখ আৰু আহত পৰিয়ালক ৫০ হেজাৰকৈ দিব বুলিও কয় ।
ইয়াৰ পিছত তেওঁ কলকাতা বিমানকোঠালৈ উভতে আৰু পৰা ওড়িচাৰ পৰিস্থিতি বুজ ল’বলৈ ৰাওনা হয়। পশ্চিমবংগ প্ৰশাসনৰ প্ৰাথমিক হিচাপ অনুসৰি ৪০০ বৰ্গ কিলোমিটাৰ অঞ্চলজুৰি তাণ্ডৱ সৃষ্টি কৰিছে। সাত আঠখন জিলা অতিকৈ ক্ষতিগ্ৰস্ত হৈছে, চাৰি পাঁচখন জিলা বিপর্যস্ত হৈছে। মুখ্যমন্ত্ৰী মমতাই কয়, ‘১৭৩৭ ত এনে দুৰ্যোগ হৈছিল । সতৰ্ক বাৰ্তা লাভ কৰাৰ পাছৰ পাঁচ লক্ষাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে লক্ষাধিকৰ প্ৰাণ ৰক্ষা হৈছে। এই ঘূর্ণীৰ তীব্ৰতা আইলাতকৈ বহু প্ৰবল। এয়া কৰ’নাতকৈ ভয়াবহ দুৰ্যোগ ।’ তেওঁ কয় ৰাজ্যৰ আৰ্থিক অৱস্থা অতি দুৰুহ আৰু কেন্দ্ৰৰ পৰা একো লাভ কৰা নাই।