কোলাত পাঁচ মহীয়া সন্তান লৈ মহাৰাষ্ট্ৰৰ পৰা এখন ট্ৰাকত বঙাইগাঁও পালেহি এগৰাকী মাতৃসহ আন ২৯ গৰাকী লোক ৷ ইপিনে আজি শ্ৰীৰামপুৰ সীমান্ত হৈ অহা লোকক কোকৰাঝাৰ জিলা প্ৰশাসনে কোৱাৰেন্টাইন নকৰি গুৱাহাটীলৈ পঠিয়াই দিয়া কাৰ্যই বিমোৰত পেলাইছে স্থানীয় লোকক | বঙাইগাঁও জিলাৰ বইটামাৰী তালগুৰী ৰাষ্ট্ৰীয় ঘাইপথত দিশহাৰা লোক সকল আজি ভীষণ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে | কৰ’না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত দেশত চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ চলি থকাৰ বাবে মহাৰাষ্ট্ৰৰ পৰা গাড়ীভাড়া কৰি নিজ ঘৰলৈ বুলি আহিছে অসমৰ ৩০ জনীয়া দল | কিন্তু নিজ ৰাজ্য খনত ভৰি দিয়াৰ পাছতে ভীষণ সমস্যাৰ সন্মুখীন হৈছে লোক সকল |
আজি বিয়লি কোকৰাঝাৰ জিলা প্ৰশাসনে ধুবুৰী জিলা প্ৰশাসনক ট্ৰাক খন বঙাইগাঁৱৰ তালগুৰীৰ ৰাষ্ট্ৰীয় পথত বঙাইগাঁও আৰক্ষীৰ হাতত চমজাই দিয়ে। ট্ৰাকখন মহাৰাষ্ট্ৰৰ পৰা দুই লাখ ৬০ হেজাৰ টকাত ভাড়া কৰি শ্ৰীৰামপুৰ পোৱাৰ পিছত তাত এদিন লঘোনে থাকি অসমত প্ৰৱেশ কৰালে জিলা প্ৰশাসনে ৷ শ্ৰীৰামপুৰৰ পৰা বিলাসীপাৰা হৈ ধুবুৰী জিলা হৈ বঙাইগাঁও জিলাত প্ৰৱেশ কৰায় উক্ত ট্ৰাকখন | কোকৰাঝাৰ জিলা প্ৰশাসনে মহাৰাষ্ট্ৰৰ পৰা অহা ত্ৰিশ জনীয়া দলটোক শ্ৰীৰামপুৰত কোনো ষ্টাম্প নিদিয়াকৈ কেৱল থাৰ্মেল স্কেনাৰৰ দ্বাৰা পৰীক্ষা কৰি পঠাই দিয়ে | শ্ৰীৰামপুৰত অহা ট্ৰাক খনতে পাছ বনাই গুৱাহাটীলৈ ৰাওনা হ’বলৈ দিয়ে |
উল্লেখযোগ্য যে ট্ৰাকখনত আছিল কোকৰাঝাৰ জিলাৰ ১৬ জন আৰু হোজাইৰ ১৪ জন লোক ৷ প্ৰাপ্ত তথ্য মতে, ট্ৰাকৰ ভিতৰত মহাৰাষ্ট্ৰ পৰা অহাৰ পাছত শ্ৰীৰামপুৰত স্বাস্থ্য পৰীক্ষা কৰি অসমলৈ প্ৰৱেশ কৰোৱাই নিজ নিজ জিলালৈ প্ৰেৰণ নকৰি উক্ত গাড়ীখনক অসমত প্ৰৱেশৰ অনুমতি দি গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ কোকৰাঝাৰৰ ১৬ জনক জিলাখনত কোৱাৰেণ্টাইন নকৰি পঠাই দিয়ে গুৱাহাটীলৈ ৷ কোকৰাঝাৰৰ লোককেইজনক কোকৰাঝাৰত কোৱাৰেন্টাইন নকৰি কোকৰাঝাৰ প্ৰশাসনে বঙাইগাঁও জিলাৰ তালগুৰীত লৈ আহি আৰক্ষীক চমজাই দি যায় ৷ কোকৰাঝাৰৰ লোক কেইজন গুৱাহাটীলৈ যাবৰ বাবে অমান্তি হোৱাত ভোকে পিয়াহে গোটেই দিন ৰাস্তাৰ ওপৰত ট্ৰাকৰ ভিতৰতে পাৰ কৰে ৷ ইপিনে জিলা প্ৰশাসনৰ এনে কার্যৰ বাবে বিপদত পৰাৰ লগতে হাহাকাৰ লাগে আটাইকেইগৰাকী লোকৰে ৷ ইতিমধ্যে নিশাৰ ভাগত লোক সকলক গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে |