- ব্ৰিটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনৰ মুখ্য উপদেষ্টা ডোমিনিক কুমিংগছ ওপৰত তলাবন্ধ উলংঘা কৰাৰ অভিযোগ উঠিছে ৷ লগতে সম্প্ৰতি ডোমিনিক আৰু তেওঁৰ পত্নী কৰ’নাত আক্ৰান্ত ৷
- বিশ্ব স্বাস্থ্যৰ সংস্থাৰ মতে মহামাৰীৰ সময়ত ৮ কোটি নবজাতকৰ ঔষধৰ সুবিধা পোৱাত পলম হ’ব। কাৰণ সমগ্ৰ বিশ্বত কৰ’নাৰ কাৰণে বৃদ্ধি পাইছে আৰ্থিক সংকট ৷
- কৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনত সম্প্ৰতি আক্ৰান্তৰ সংখ্যা শূন্য ৷ অৰ্থাৎ বিগত সময়ত এজনো নতুনকৈ আক্ৰান্ত হোৱা নাই চীনত। চীনৰ উহানৰ পৰা আৰম্ভ হোৱা কৰ’না ভাইৰাছত ৮২,৯৭১ জন লোক আক্ৰান্ত হৈছিল ।আৰু মৃত্যু হৈছিল ৪৬৩৪ জন লোক৷
- আমেৰিকাত বিগত ২৪ ঘন্টাত ১২৬০ জন লোকৰ মৃত্যু হৈছে। সংক্ৰমণ হৈছে ২৪,১৯৭ জন লোক।
- কৰ’না সংক্ৰমণৰ প্ৰতিৰোধত ব্যৱহৃত হাইড্ৰ’ক্সিক্ল’ৰকুইনে কোনো কামত নিদিয়ে ৷এই কথা সদৰী কৰিছে এখন বিদেশী পত্ৰিকাই ৷লগতে বিদেশী পত্ৰিকাখনৰ ভাষ্য যে হাইড্ৰ’ক্সিক্ল’ৰকুইন ব্যৱহাৰ কৰিলে মৃত্যুৰ আশংকা বৃদ্ধি পায় ৷ইফালে বিগত সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে তেওঁ হাইড্ৰ’ক্সিক্ল’ৰকুইন খায়। এতিয়া পুনৰ হাইড্ৰ’ক্সিক্ল’ৰকুইনৰ সম্পৰ্কত বিতৰ্কৰ সূত্ৰপাত হৈছে ৷
- উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছত ৫,২১১,১৭২ জন লোক আক্ৰান্ত হৈছে ,মৃত্যু হৈছে ৩৩৮,১৮৩,সুস্থ হৈ উঠিছে ২,০৫৬,৬৫০ জন লোক ৷ আনহাতে ভাৰতত এই পৰ্যন্ত ১,২৫,১০১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । মৃত্যু হৈছে ৩,৭২০ জন লোক আৰু সুস্থ হৈ উঠিছে ৫১,৭৮৩ জন লোক ৷
ADVERTISEMENT