আবদ্ধ শ্ৰমিক গৃহ ৰাজ্যত প্ৰত্যাৱৰ্তন সন্দৰ্ভত আগন্তক ১০ দিনত ২৬শ বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত ৰেল মন্ত্ৰণালয়ৰ

1 2

দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক স্ব-গৃহলৈ প্ৰত্যাৱৰ্তন কৰোৱাৰ উদ্দেশ্যে ৰে’ল মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহৰ প্ৰয়োজনৰ ভিত্তিত সমগ্ৰ দেশত অহা ১০ দিনত ২,৬০০ বিশেষ ৰে’ল চলাচলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই প্ৰচেষ্টাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ৩৬ লাখ প্ৰব্ৰজিত লোক উপকৃত হ’ব ৷ উল্লেখ্য যে তলাবন্ধৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিৰ বাবে ভাৰতীয় ৰে’লৱে চলিত বৰ্ষৰ এক মে’ৰ পৰা ‘শ্ৰমিক বিশেষ’ ৰে’ল চলোৱা আৰম্ভ কৰিছিল ৷

এই ৰে’লসমূহ প্ৰেৰক আৰু গ্ৰহণ কৰোতা ৰাজ্যসমূহৰ অনুৰোধৰ ভিত্তিত মানসম্পন্ন প্ৰ’ট’কল মানি চলোৱা হৈছে ৷ এই ‘শ্ৰমিক বিশেষ’ ৰে’লসমূহ সুন্দৰভাৱে চলাচলৰ বাবে ৰে’লৱে আৰু ৰাজ্য চৰকাৰে একাংশ জ্যেষ্ঠ বিষয়াক সমন্বয়ৰক্ষী বিষয়া হিচাপে নিয়োগ কৰিছে ৷ ভাৰতীয় ৰে’লৱেই বিগত ২৩ দিনত ২,৬০০ শ্ৰমিক বিশেষ ৰে’ল চলাচলৰ জৰিয়তে প্ৰায় ৩৬ লাখ আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকক তেওঁলোকৰ গৃহৰাজ্যলৈ পৰিবহণ কৰা হৈছে ৷ শ্ৰমিক বিশেষ ৰে’লৰ উপৰি ৰে’ল মন্ত্ৰালয়ে ১২ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৫ যোৰা বিশেষ ৰে’লৰ চলাচল আৰম্ভ কৰাৰ লগতে অহা এক জুনৰ পৰা ২০০খন ৰে’লৰ সেৱা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে ৷

Exit mobile version