চিৰাঙত পুনৰ চাৰিজনৰ শৰীৰত কৰ’না ভাইৰাছ

Mar1

1203771991

আজি চিৰাং জিলাত চাৰিজনকৈ যুৱক ক’ভিড-১৯ত আক্ৰান্ত বুলি চিনাক্ত হয় । চাৰিওজন চেন্নাইৰ পৰা ৰেলেৰে আহি কোকৰাঝাৰত নামিছিল আৰু তাৰ পৰা চিৰাং জিলা প্ৰশাসনে ১৭ মে’ত চিৰাং জিলাৰ সদৰ কাজলগাঁও হাইস্কুল কোৱাৰেন্টাইন চেন্টাৰত ৰাখি ১৮ মে’ত তেওঁলোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব‍্যৱস্থা কৰিছিল । আজি এই চাৰিজনৰ শৰীৰত কৰ’নাৰ লক্ষণ ধৰা পৰে । আক্ৰান্ত কেইজন ক্ৰমে বিজয় বসুমতাৰী(১৯),ফাকন ইশ্বৱাৰী(১৯), প্ৰকাশ নাৰ্জাৰী(১৯) আৰু ছেভিঅ বৰগয়াৰী (১৭) ৷ স্বাস্থ‍্যমন্ত্ৰীৰ টুইটৰ পিচতে নিশা ১২ বজাত চাৰিওজনক কাজলগাঁও হাইস্কুলৰ পৰা এম্বুলেঞ্চেৰে কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।

জিলা যুটিয়া স্বাস্থ‍্য বিষয়া ৰাতুল বৰদলৈয়ে কয় যে চাৰিওজন ৰোগী এতিয়াও শাৰীৰিকভাৱে সুস্থ হৈয়ে আছে সেয়ে তেওঁলোকক কাজলগাঁৱতে ৰাখি চিকিৎসাৰ ব‍্যৱস্থা কৰা হ’ব ৷ আনহাতে, জিলা উপায়ুক্ত গৌতম তালুকদাৰে কয় যে আজিলৈ চিৰাং জিলাৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত বহি: ৰাজ‍্যৰ পৰা অহা ডেৰ শতাধিক লোক আছে । সকলোৰে নমুনা সংগ্ৰহ কৰি পৰিক্ষাৰ বাবে প্ৰেৰণ কৰাৰ কথা জনায় জিলা উপায়ুক্তজনে । উল্লেখযোগ্য যে চিৰাং জিলাৰ পৰা কোভিট ১৯ আক্ৰান্তৰ সংখ‍্যা পা‍ঁচজনলৈ বৃদ্ধি পাইছে ৷ পূৰ্বে মুম্বাইৰ পৰা অহা জিলাখনৰ বিজনীৰ এজন লোকৰ শৰীৰত কৰ’নাৰ লক্ষণ পোৱা গৈছিল । সম্প্ৰতি এই চাৰিজনৰ শৰীৰত কৰ’না ভাইৰাছ চিনাক্ত হোৱাৰ পিচতে জিলাখনত এক আতংকৰ পৰিৱেশে বিৰাজ কৰিছে ।

Exit mobile version