ৰমজান মাহৰ ৰোজাৰ অন্তত সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মৰ লোকসকলে সোমবাৰে উদযাপন কৰিব পবিত্ৰ ঈদ। অসমৰ মুছলমান লোক সকলেও কালিলৈ ঘৰতে থাকি উদযাপন কৰিব পবিত্ৰ ঈদ। কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ কিছু শিথিল কৰি দিয়াত একাংশ লোকে পৰিয়ালৰ আপোনজনৰ কাৰণে উপহাৰ পৰ্যন্ত কিনিলে যদিও সমূহীয়া নামাজকে ধৰি পূৰ্বৰ উৎসাহ উদ্দীপনাৰ পৰিৱৰ্তে ঘৰতে থাকি সকলোৱে উদযাপন কৰিব পবিত্ৰ ঈদ ।
কিন্তু লক্ষনীয় দিশটো হৈছে,কৰ’না ভাইৰাছৰ আতংকৰ কাল চোৱাতে সম্প্ৰতি বহিঃৰাজ্যৰ পৰা ঘুৰি আহি বহু মুছলমান লোক আছে গুৱাহাটীৰ সৰুসজাইকে ধৰি বিভিন্ন জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত । এই লোক সকলে ঈদৰ দিনটো অতিবাহিত কৰিব লাগিব কোৱাৰেণ্টাইন কেন্দ্ৰতে। মৰিগাঁও জিলাতো আছে প্ৰায় ৩০ টা কোৱাৰেন্টাইন কেন্দ্ৰ। জিলাখনৰ উত্তৰাঞ্চলৰ মৈৰাবাৰী আৰু লাহৰীঘাটৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত আছে বহু সংখ্যক লোক। তাৰ ভিতৰত মৈৰাবাৰী হাইস্কুলৰ ছাত্ৰী নিবাসত ৬০ জন, দলগাঁও ছাত্ৰীনিবাসত ৯ জন, ৰজা গাধোৱা চেন্তাৰত ৪৩ জন, বোৱালগুৰী কোৱাৰেণ্টাইন কেন্দ্ৰত ২২ জন লোক কোৱাৰেণ্টাইনত ৰখা হৈছে । এই লোক সকলৰ ভিতৰত ৯৯ শতাংশই মুছলমান সম্প্ৰদায়ৰ ।
ইফালে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহৰ লোকসকলক চৰকাৰী ভাৱে নিৰামিষ ভাত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। সেয়ে মৈৰাবাৰী কোৱাৰেন্টাইন কেন্দ্ৰসমূহত থকা লোকসকলে যাতে ঈদৰ দিনটো ভালকৈ এসাজ খাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঈদ উপলক্ষে কোৱাৰেণ্টাইন কেন্দ্ৰৰ লোক সকললৈ একাংশ লোকে উপহাৰ আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে। সেই অনুসৰি মৈৰাবাৰী অঞ্চলৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ লোকসকলৰ বাবে এলোভেন ষ্টাৰ ক্লাৱৰ হৈ এয়াচিব চৌধুৰীয়ে প্ৰতিজনৰ বাবে এটাকৈ গেঞ্জি আৰু ঈদৰ দিনটোৰ বাবে এসাজ মাংসৰ যোগান ধৰিছে। মৈৰাবাৰী জিলা পৰিষদৰ সদস্যা গৰাকীৰ লগতে মৈৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী শ্বাহনাজ ছুলতানাই কল আপেলকে ধৰি ফলমুল চেবৈ আদি উপহাৰ হিচাবে আগ বঢ়াইছে। মুঠতে ঈদৰ দিনা যাতে কোৱাৰেণ্টাইন কেন্দ্ৰৰ লোক সকলে ঘৰত নথকাৰ বেদনা অনুভৱ কৰিব নোৱাৰে তাৰ প্ৰতি এনেদৰে দেখুৱাইছে বহুতে মহানুভৱতা।