- সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৪,০৭,৬১৩ জন ৷মৃত্যু হৈছে ৩,৪৫,০৫৯ জন আৰু সুস্থ হৈ উঠিছে ২১,৬৮,৫৬৩ জন ৷
- আজি বিশ্বত পালন কৰা হৈছে ইছলাম ধৰ্মালম্বীলোকসকলৰ পবিত্ৰ উৎসৱ ঈদ ৷ইয়াৰ মাজতে চিংগাপুৰত ভাৰতীয় ব্যৱসায়ী দুষ্মন্ত্য কুমাৰ আৰু তেওঁৰ পত্নীয়ে দেওবাৰে নিশা ৬০০ জন মজদূৰক বিৰীয়ানী আপ্যায়ন কৰে ৷
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰথমতে আমেৰিকাই উদ্ভাৱন কৰিব ৷
- আমেৰিকাৰ পিছতে ব্ৰাজিলত কৰ’না ভাইৰাছত বিগত ২৪ ঘন্টাত নতুনকৈ ১৫ হাজাৰ ৪১৩ জন লোক আক্ৰান্ত হৈছে। আনহাতে মৃত্যু হৈছে ৬৫৩ জন লোক ৷
- আনহাতে আমেৰিকাত এদিনতে মৃত্যু হৈছে ৬৩৮ জন লোক ৷দেশখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই এক লাখৰ ঘৰ অতিক্ৰম কৰিব বুলি আশংকা প্ৰকাশ কৰিছে দেশবাসীয়ে ৷
- ইফালে নিউজিলেণ্ডত নতুনকৈ কৰ’না ভাইৰাছত এজনো লোক আক্ৰান্ত হোৱা নাই ।দেশখনত এই পৰ্যন্ত ১৫০৪ জন লোক আক্ৰান্ত হৈছে ৷
- ব্ৰিটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে জনায় যে ১ জুনৰ পৰা খোলা হ’ব বিদ্যালয়৷ অৱশ্যে কিছুমান বিদ্যালয় ১৫ জুনৰ পৰা খোলা হ’ব৷ ইয়াৰ কাৰণে নিৰ্দেশনা জাৰি কৰা হৈছে ৷বিদ্যালয় খুলিলেও চেনিটাইজাৰ,মাস্ক ব্যৱহাৰ কৰিব লাগিব ৷কোনো ছাত্ৰ ছাত্ৰীৰ শৰীৰত কৰ’নাৰ লক্ষণে দেখা দিলে চিকিৎসালয়ক খবৰ দিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই ৷
- উল্লেখযোগ্য যে দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১,৩৮,৮৪৫ জন লোক,মৃত্যু হৈছে ৪,০২১ জন আৰু সুস্থ হৈ উঠিছে ৫৭,৭২০ জন ৷ আনহাতে কৰ’নাত আক্ৰান্ত হৈ এতিয়া চিকিৎসাধীন হৈ আছে ৭৭,১০৩ জন লোক ৷ বিশ্বৰ কৰ’নাত আক্ৰান্ত হোৱা দেশসমূহৰ ভিতৰত ভাৰত আছে দশম স্থানত ৷
ADVERTISEMENT