বিশ্বৰ কে’বাখনো আগশাৰীৰ দেশত চলা তাণ্ডৱৰ পৰিপেক্ষিতত ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা ২৪মাৰ্চত ঘোষণা কৰা হৈছিল ২১ দিনীয়া তলাবন্ধ ৷ ইয়াৰ ফলত সংক্ৰমণৰ সংখ্যা আন বহু দেশৰ তুলনাত কম হৈ থাকিলেও ভাৰতৰ স্থান কিন্তু বিশ্বৰ দেশসমূহৰ তালিকাত উল্লেখযোগ্য হৈ উঠিছে ৷ ভাইৰাছত আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ প্ৰথম ১০ খন ৰাষ্ট্ৰৰ তালিকাতো সম্প্ৰতি ভাৰতৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ৷ প্ৰথম ১০ ৰ শীৰ্ষত আছে আমেৰিকা আৰু একেবাৰে তলত নাম অন্তৰ্ভুক্ত হ’ল ভাৰতৰ। আমেৰিকাৰ পাছত ক্ৰম অনুসৰি অন্তৰ্ভুক্ত ৰাষ্ট্ৰ কেইখন হ’ল ব্ৰাজিল, ৰাছিয়া, ইংলেণ্ড, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্ক আৰু ভাৰত ৷
ইৰানক চেৰ পেলাই ভাৰতে প্ৰথম ১০ ৰ তালিকাত আজি নিজৰ নাম অন্তৰ্ভুক্ত কৰে । উল্লেখযোগ্য যে তলাবন্ধত চতুৰ্থ পৰ্যায়ৰো আধা দিন যোৱাৰ সময়ত ভাৰতত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ কে’বাদিনৰ পৰা আক্ৰান্তৰ সংখ্যা ছহেজাৰ পৰ্যন্ত বৃদ্ধি পাইছে ৷ যোৱা ২৪ ঘন্টাত দেশত সাত হেজাৰ লোক আক্ৰান্ত হয় ৷ কিন্তু আক্ৰান্তৰ তুলনাত মৃত্যুৰ সংখ্যা ভাৰতত কম । একেদৰে সুস্থ হোৱাৰ সংখ্যাও বৃদ্ধি পাইছে ৷ ভাৰতত এই পৰ্যন্ত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১,৪৫,৩৮০ জনলৈ বৃদ্ধি পাইছে । মৃত্যু হৈছে ৪,১৬৭ জন আৰু সুস্থ হৈ উঠিছে ৬০,৪৯০ জন লোক ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট আৰু দিল্লীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ৷ অৱশ্যে এই ৰাজ্য কেইখনৰো নিৰ্দিষ্ট একাংশ স্থানতহে সংক্ৰমণ বৃদ্ধি হৈছে ৷