আহিছিল খবৰ ল’বলৈ পালেগৈ কোৱাৰেন্টাইন কেন্দ্ৰ

849e304d e7fe 4dfb ba94 85c7e8faa742

বহিঃৰাজ্যৰ পৰা অহা লোকসকলক নিজ গৃহত উপস্থিত হোৱাৰ প্ৰাকমুহূৰ্তত কৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে । যাতে বহিঃৰাজ্যৰ পৰা উপস্থিত হোৱা লোকসকলৰ পৰা পৰিয়ালৰ বা অন্যান্য লোকসকলৰ কৰ’না সংক্ৰমণ নহয় ৷ কিন্তু ইয়াৰ বিপৰীতে পুত্ৰ স্নেহৰ বশৱৰ্তী হৈ কোৱাৰেন্টাইন হ’ব লগা হ’ল বৰপেটাৰ এজন যুৱকৰ পিতৃ-মাতৃৰ সহিতে তিনিজন লোক ৷ ইতিমধ্যে বৰপেটা জিলাৰ হোটেল প্লাজাক প্ৰশাসনে কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে ব্যৱস্থা কৰিছে ৷ হোটেলখনত কোৱাৰেন্টাইন হৈছে কলগাছিয়া বলাই পথাৰ গাঁৱৰ ৱাহিদ জুনুন তালুকদাৰ নামৰ এজন যুৱক।

আজি বিয়লি যুৱকজনৰ খবৰ ল’বলৈ গোপনে হোটেলখনত প্ৰবেশ কৰে যুৱকজনৰ পিতৃ-মাতৃ সহিতে আন এজন যুৱক। আনহাতে এই সন্দৰ্ভত জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হোৱাৰ লগে লগে জিলাৰ উপায়ুক্ত নৱজিৎ পাঠক হোটেল খনলৈ আহে আৰু তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰি যুৱকজনৰ পিতৃ আফজল হুছেইন,মাতৃ ফৰিদা খাতুন আৰু ভোগৰান্ধাৰ চফিকুল ইছলাম চিদ্দিক নামৰ যুৱকজনক মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত কোৱাৰেন্টাইন কৰে ৷

Exit mobile version