- অইল ইণ্ডিয়া লিমিটেডক তৈল খাদ খননৰ বাবে কেন্দ্ৰীয় বন মন্ত্ৰালয়ে দিয়া অনুমোদনক লৈ সৃষ্টি হোৱা উত্তাল প্ৰতিবাদৰ মাজতে তৈল খাদত বিস্ফোৰিত হৈ ভয়ংকৰভাৱে নিৰ্গত হৈছে গেছ আৰু তেল ৷
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষৰ বাঘজানত ভয়ংকৰ শব্দ সৃষ্টি কৰি চাৰিওফালে ধোঁৱা নিৰ্গত হৈছে। প্ৰায় ৬-৭ কিলোমিটাৰ দূৰত্বলৈকে গেছ নিৰ্গত হোৱাৰ শব্দই কাষৰীয়া গাঁওবাসীক আতংকিত কৰি তুলিছে। ইফালে বাঘজান গাঁৱৰ মানুহে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে।
- প্ৰাপ্ত তথ্যমতে, তৈল খাদ খননৰ বাবে অইলে স্থাপন কৰা ভূ-গৰ্ভত পাইপ ফাটি গেছ নিৰ্গত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
- ইফালে ভয়ংকৰভাৱে গেছ নিৰ্গত হোৱাত যিকোনো মুহুৰ্ততে বিস্ফোৰণ ঘটাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
- বৰ্তমান প্ৰায় চাৰিঘণ্টাতকৈ অধিক সময় হোৱাৰ পাছতো গেছ আৰু তেল নিৰ্গত বন্ধ কৰিবলৈ সক্ষম হোৱা নাই কৰ্তৃপক্ষই ৷
- বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ বহুকেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সৈতে বিভাগীয় লোকে অগ্নি নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰি থকাৰ বিপৰীতে স্থানীয় লোকো তীব্ৰ আশংকাত ভূগিছে ৷