ফেনেফুটুকাৰে বাঢ়িছে বহ্মপুত্ৰৰ জলস্তৰঃ গুৱাহাটীত প্ৰতি ঘণ্টাত সাত-আঠ চেঃমিঃকৈ বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী

WhatsApp Image 2020 05 27 at 5.58.08 PM

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে ওফন্দি উঠিছে মহাবাহু বহ্মপুত্ৰ ৷ কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ মাজতে ৰাজ্যত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে | চৰকাৰী তথ্য অনুসৰি প্ৰতি ঘণ্টাত সাত-আঠ চেণ্টিমিটাৰকৈ বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী ৷ উল্লেখ্য যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানীৰ বিপদসীমা ৪৯.৬৮০ মিটাৰ | কিন্তু আৰু ১৭৩ চেণ্টিমিটাৰ অতিক্ৰম কৰিলেই গুৱাহাটীত ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰিব বুলি সদৰী কৰিছে কেন্দ্ৰীয় জল আয়োগৰ বিষয়া শৰত চন্দ্ৰ কলিতাই | তেওঁ কয় যে যোৱা ১৬ মে’ৰ পৰা বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ এই গতিত বৃদ্ধি পাই থাকিলে গুৱাহাটী মহানগৰীলৈ যিকোনো মুহূৰ্ততে নামি আহিব পাৰে বিপৰ্যয়।

আনহাতে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি বৃস্পতিবাৰেও অসমত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফলত ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা আছে। সমান্তৰালভাৱে ৰাজ্যৰ সাতখন জিলাৰ বহু অঞ্চল ইতিমধ্যে বানত বুৰ গৈছে।কৰ’না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ লগতে বানৰ তাণ্ডব আৰম্ভ হৈছে ৰাজ্যত । জীয়াভৰলীকে ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈয়ে ৰাজ্যৰ সাতখন জিলাত তাণ্ডব চলাবলৈ আৰম্ভ কৰিছে । ইপিনে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান পৰিস্থিতি তদাৰক কৰিবলৈ সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে।

Exit mobile version