হেজাৰ হেজাৰ মাইল পথ অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰি ইতিমধ্যে ৰাজস্থানত তাণ্ডৱ চলোৱাৰ পাছত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আদিতো উপদ্ৰৱ আৰম্ভ কৰিছে কাকতি ফৰিঙৰ দলে ৷ বহু লাখৰ সমষ্টি এই পতংগৰ দলে বিগত দুদিনমানত জয়পুৰৰ আকাশ ক’লা কৰি ৰাখিছিল । মুহুৰ্তৰ ভিতৰত শতাধিক বিঘা ভূমিৰ ফচল খাই তহিলং কৰাৰ পাছত এই বিশাল কাকতি ফৰিঙৰ দলৰ এতিয়া দৃষ্টি পৰিছে ভাৰতৰ পূব প্ৰান্তত । এই আশংকা প্ৰকাশ কৰিছে একাংশ পতংগবিদে । আনকি অসম তথা উত্তৰ পূবৰ ৰাজ্যসমূহকো এই ৰাক্ষস সদৃশ পতংগৰ পালে যিকোনো সময়তে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ।
উল্লেখ্য যে পূব আফ্ৰিকাৰ মৰু অঞ্চলৰ পৰা বালুচিস্তান হৈ কাকতি ফৰিঙৰ দলে আহি দেশৰ একাংশ ৰাজ্যত উপদ্ৰৱ চলোৱাৰ আংশকা ইতিমধ্যে প্ৰকাশ কৰা হৈছিল । এপ্ৰিলৰ মাজভাগৰ পৰাই কাকতি ফৰিঙৰ দৰে পাকিস্তান আৰু আৰব সাগৰ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। কিন্তু দীঘলীয়া ভ্ৰমণৰ মাজতে বংশবিস্তাৰ কৰাৰ ফলত শেহতীয়াকৈ এই পতংগই আন এক মহাবিপৰ্যয়ৰ আশংকা প্ৰকট কৰি তুলিছে ৷পশ্চিম আৰু মধ্য ভাৰতৰ বিস্তীৰ্ণ অঞ্চল সম্প্ৰতি কাকতি ফৰিঙৰ দ্বাৰা আক্ৰান্ত হৈছে ।
উল্লেখযোগ্য যে ২০১৯ ত গুজৰাটত কাকতি ফৰিঙে আক্ৰমণ চলাইছিল ৷যাৰ বাবে ৰাজ্যখনত প্ৰায় ২৫ হেজাৰ হেক্টৰ ভূমিৰ ফচল নষ্ট হৈছিল ৷ কিন্তু তাতকৈও এইবাৰৰ আক্ৰমণ অধিক উদ্বেগজনক বুলি পতংগবিদে মন্তব্য কৰিছে ৷ কাকতি ফৰিঙৰ গড় আয়ুস ৯০ দিন ।এটা কাকতি ফৰিঙৰ জাকে এদিনত ১৫০ কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে ৷ বিশেষজ্ঞৰ ধাৰণা কৰিছে যে পূব আফ্ৰিকা, দক্ষিণ পশ্চিম এছিয়া আৰু লোহিত সাগৰৰ সংলগ্ন অঞ্চলৰ অনুকূল পৰিবেশৰ প্ৰভাৱতে এইবছৰ কাকতি ফৰিঙৰ বিপুল পৰিমাণৰ প্ৰব্ৰজন হৈছে ৷ একাংশ পতংগবিদৰ মতে অতি কম সময়ৰ ভিতৰতে এই ৰাজ্যসমূহৰ শস্য খাই শেষ কৰিব বিশাল কাকতি ফৰিঙৰ জাকে ৷
ইয়াৰ পাছতে লাখ লাখ কাকতি ফৰিঙে খাদ্যৰ সন্ধানত দেশৰ পূব প্ৰান্তত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ আন এজন পতংগবিদৰ মতে পূব আফ্ৰিকাৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ত কাকতি ফৰিঙৰ জাকটো সংখ্যাত ইমান ডাঙৰ নাছিল ৷ কিন্তু ক্ৰমান্বয়ে এই সংখ্যাটো বৃদ্ধি পাবলৈ ধৰে ৷ ইয়াৰ কাৰণ হৈছে কাকতি ফৰিঙে অতি দ্ৰুতগতিৰে বংশবিস্তাৰ কৰিব পাৰে ৷ ইতিমধ্যে জয়পুৰৰ উপৰি শ্ৰীগংগানগৰ, বিকানেৰ, আজমীৰৰ ৰবিশস্যৰ খেতি সম্পূৰ্ণৰূপে উজাৰ কৰে কাকতি ফৰিঙৰ জাকে। ৰাসায়নিক স্পে’ কৰিও জাকটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৰাজ্যখনৰ কৃষি বিভাগে ৷ উল্লেখযোগ্য কাকতি ফৰিঙৰ আক্ৰমণত হ’ব পৰা ক্ষয়ক্ষতিৰ মোকাবিলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল ৰাজস্থানৰ মুখ্যমন্ত্ৰী আশোক গেহলটে।