কৰ’নাৰ প্ৰকোপত পৃথিৱীৰ পৰা নিশ্চিহ্ন হ’ল এটা ভাষা

252294 vi

সুদূৰ আন্দামান দ্বীপপূঞ্জত কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷ যোৱা ২১ এপ্ৰিলত আন্দামানৰ ১৫ জন লোকৰ শৰীৰত ক’ভিড-১৯ চিনাক্ত হয় ৷ ইয়াৰ ভিতৰত ১১ জনে ইতিমধ্যে সুস্থ হৈ স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিছে ৷ কিন্তু ইয়াৰ মাজতে আন্দামানৰ এক বৃহৎ ক্ষতিসাধন কৰিলে কৰ’না ভাইৰাছে ৷ এই প্ৰাণঘাতি ভাইৰাছৰ বাবেই পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাবলৈ ওলাইছে এটা প্ৰাচীন ভাষা । গ্ৰেট আন্দামানিজ ভাষা পৰিয়ালৰ অন্যতম ছাৰে ভাষা হেৰাই গ’ল পৃথিৱীৰ পৰা ৷এই ভাষাত কথা কোৱা অন্তিম ব্যক্তিৰ মৃত্যু হ’ল কৰ’নাৰ আঘাতত ৷ আন্দামানি নেগ্ৰিট আৰু ওগান৷ এই দুটা ভাষাৰে গঠিত হৈছে গ্ৰেট আন্দামানিজ ভাষা ৷

ইয়াৰে এটা অংগ আছিল ছাৰে ভাষা । এই ভাষাত কথা কোৱা অন্তিমজনেও বিদায় লোৱাত এই লোক জীৱিত অৱস্থাত নাথাকিল । ছাৰে ভাষাৰ অন্তিম কথক লিচো নামৰ মহিলাগৰাকীয়ে পৰ্ট ব্লেয়াৰত বাস কৰিছিল ৷ যক্ষ্মা আৰু হৃদৰোগত আক্ৰান্ত হৈ মহিলাগৰাকীৰ মৃত্যু হয় । কিন্তু মৃত্যুৰ সময়ত তেওঁৰ শৰীৰত কৰ’না ভাইৰাছৰ প্ৰতিটো উপসৰ্গ থকা বুলি দাবী কৰা হৈছে । অৱশ্যে লিচোৰ মৃত্যুৰ স’তে কৰ’না ভাইৰাছৰ পোনপটীয়া সম্পৰ্ক থকাৰ বিষয়টো ৰহস্যৰ আৱৰ্ততে থাকিল । উল্লেখযোগ্য যে লিচো আছিল ৰাজা জিৰাকৰ প্ৰথম সন্তান ৷ পৃথিৱীৰ এটা অন্যতম প্ৰাচীন ভাষাৰ উত্তৰাধিকাৰী আছিল তেওঁ ৷ লিচোৰ মৃত্যুৰ লগে লগে পৃথিৱীৰ পৰা অন্তৰ্ধান হ’ল ছাৰে ভাষা ৷ গ্ৰেট আন্দামানিজ ভাষাৰ ব্যাকৰণ আৰু অভিধান তৈয়াৰ কৰাতো লিচোৰ গুৰুত্বপূৰ্ণ অৱদান আছিল ৷

Exit mobile version