- সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৫,৮০৮,৯৪৬ জন ৷ মৃত্যু হৈছে ৩,৬০,৩০৮ জন, সুস্থ হৈ উঠিছে ২,৪১৫,৯৬০ জন ৷
- ইফালে ব্ৰাজিলত বিগত ২৪ ঘন্টাত ১১৫৬ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে মৃত্যুৰ সংখ্যা ২৬,৭৫৪ জনলৈ বৃদ্ধি পালে ৷
- দক্ষিণ কোৰিয়াত বিগত সপ্তাহত খুলি দিয়া বিদ্যালয়সমূহ পুনৰ বন্ধ কৰি দিয়া হৈছে ৷ দেশৰ উপ শিক্ষামন্ত্ৰী পাৰ্ক বেগ বেঅ’মে কয় যে কৰ’নাৰ নতুন সংক্ৰমণ পোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে ৷
- ৰুছত বিগত ২৪ ঘন্টাত ৮ হাজাৰ ৩৭১ জন নতুনকৈ আক্ৰান্ত হৈছে ৷
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ব্ৰাজিলৰ পৰা আমেৰিকালৈ আহিব পৰা নাগৰিকসকল পুনৰ নিজৰ দেশলৈ অহাত অনুমতি প্ৰদান কৰা হ’ব । বিগত সময়ত আমেৰিকালৈ আহিব বিচৰা লোকসকলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিল ৷
- ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে সদৰী কৰা অনুসৰি সোমবাৰৰ পৰা পুনৰ তলাবন্ধৰ লাহে লাহে শিথিল কৰা হ’ব। কিন্তু ভাইৰাছ নিয়ন্ত্ৰণৰ ওপৰত ভিত্তি কৰিহে তলাবন্ধৰ শিথিলতা কেনেধৰণৰ হ’ব সেয়া নিৰ্ভৰ কৰিব। সকলোৱে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন।
- স্পেইনত তিনিটা পৰ্যায়ত তলাবন্ধ শিথিল কৰা হ’ব ৷
- জাপানত বিগত ২৪ ঘন্টাত ৬৩ জন নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আৰু মৃত্যু হৈছে ৭ জন।
- উল্লেখযোগ্য যে ভাৰতবৰ্ষত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১,৬৫,৭৯৯ জনলৈ বৃদ্ধি পাইছে ৷ মৃত্যু হৈছে ৪৭০৬ জন আৰু সুস্থ হৈ উঠিছে ৭১,১০৫জন।
ADVERTISEMENT