আঠ জুনৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত আৰম্ভ হ’ব নামভৰ্তিৰ প্ৰক্ৰিয়া

delhi university 759

দেশৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়ে আগন্তুক শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়াৰ সবিশেষ তথ্য প্ৰকাশ কৰিলে ৷ বিশ্ববিদ্যালয়খনৰ অধীনত থকা ৬৩ খন মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া অহা আঠ জুনৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে  ৷ উক্ত দিনাৰ পৰাই নামভৰ্তিৰ আবেদনৰ পঞ্জীয়ন আৰম্ভ কৰা হ’ব আৰু ছাত্ৰ ছাত্ৰীসকলে ৩০ জুনলৈকে নাম পঞ্জীয়নৰ সময় লাভ কৰিব ৷ অৱশ্যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত লাভ কৰা নম্বৰ জমা দিয়াৰ বাবে প্ৰাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ৱেবচাইটত পুনৰ ৩১ জুলাইৰ পৰা ন আগষ্টলৈকে সময় লাভ কৰিব ৷

বিশ্ববিদ্যালয়খনে প্ৰথম “কাট অফ” ১১ আগষ্টত, দ্বিতীয় “কাট অফ” ১৮ আগষ্টত, তৃতীয় “কাট অফ” ২৩ আগষ্ট আৰু চতুৰ্থ “কাট অফ” তালিকা ২৮ আগষ্টত ৱেবচাইটত প্ৰকাশ কৰিব ৷ দিল্লী বিশ্ববিদ্যালয়ত নতুন শিক্ষাবৰ্ষৰ পাঠদান পহিলা ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৷ বিশ্ববিদ্যালয়খনে পঞ্চম”কাট অফ” তালিকা তিনি ছেপ্তেম্বৰত প্ৰকাশ কৰিব ৷ তদুপৰি নামভৰ্তিৰ বাবে ডি ইউ এন্ট্ৰেন্স টেষ্ট ২৭ জুলাইৰ পৰা ১০ আগষ্টলৈকে অনুষ্ঠিত হ’ব ৷ বিশ্ববিদ্যালয়খনৰ অধীনষ্ঠ বিদ্যালয়ত বি কম, বি কম অনাৰ্ছ আৰু অৰ্থনীতি বিষয়ত স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণীত গণিত এটি বিষয় হিচাপে আবেদনকাৰীয়ে অধ্যয়ন কৰিব লাগিব ৷

Exit mobile version