চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ আজি অন্ত পৰিব। এই পৰিস্থিতিত পুনৰ তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হ’ব নে নাই তাকে লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। দেশৰ উদ্বেগজনক কৰ’না সংক্ৰমণৰ হাৰলৈ চাই তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হ’ব বুলি চৰ্চা চলিছে । শুক্ৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্দৰ্ভত সাক্ষাৎ কৰে । ইয়াৰ পূৰ্বে তেওঁ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে বৈঠকত মিলিত হৈ মতামত বিচাৰে । সূত্ৰত প্ৰকাশ যে তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ সম্ভৱনাক লৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মাজত শুক্ৰবাৰে আলোচনা সম্পন্ন হয় । তদুপৰি কিদৰে অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিব পাৰি সেই সম্পৰ্কেও আলোচনা হয় । সূত্ৰত প্ৰকাশ যে বৈঠককালীন শ্বাহে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীসকলৰ আগন্তুক পথ সন্দৰ্ভত মতামত অৱগত কৰে । টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে গৃহমন্ত্ৰীয়ে ৰাজ্যসকলৰ পৰা মুখ্যমন্ত্ৰীসকলৰ পৰা লাভ কৰা দৃষ্টিভংগী তথা মতামত প্ৰধানমন্ত্ৰীক জনায়। মন কৰিবলগীয়া ইয়াৰ পূৰ্বৰ তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ আগে আগে প্ৰধানমন্ত্ৰী মোদীয়ে নিজে মন্ত্ৰী সকলৰ সতে ভিডিঅ’ কনফাৰেঞ্চত মিলিত হৈছিল। এইবাৰ শ্বাহে মতামত গ্ৰহণ কৰা দেখা যায়।
তলাবন্ধক লৈ পৰিৱৰ্তী ৰণকৌশল স্থিৰ কৰাৰ বাবে শ্বাহৰ স’তে শুক্ৰবাৰে প্ৰধানমন্ত্ৰীয়ে পৰ্যালোচনা কৰা বুলি সূএত প্ৰকাশ পায় । পুনৰ দুসপ্তাহ তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনা আছে যদিও এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সূএত প্ৰকাশ পায় । আজি সিদ্ধান্ত চূড়ান্ত হব পাৰে।ইপিনে, গৃহমন্ত্ৰীয়ে হোৱা বৈঠকত বিভিন্ন ৰাজ্যই অৰ্থনৈতিক কাৰ্যকলাপ অধিক মুকলি কৰি দিয়াৰ বাবে আৰু অধিক মুক্ত সামাজিক জীৱনৰ বাবে পৰামৰ্শ আগবঢ়ায়। ইতিমধ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে অহা পহিলা জুনৰ পৰা ৰাজ্যখনত শ্ব’পিংমল আৰু মাল্টিপ্লেছসমূহ খুলি দিয়াৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে । অহা পহিলা জুনৰ পৰা গোৱাই ৰেষ্টোৰা সমূহ মুকলি কৰিবলৈ পৰিকল্পনা কৰিছে । আগন্তুক জুন আৰু জুলাইত একাধিক ধৰ্মীয় উৎসৱৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰাজ্যই এইসমূহ পালনৰ বাবে অনুমতি দিব লাগে বুলিও পৰামৰ্শ দিছে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী প্ৰমোদ সাৱন্তই কয়, ‘মই ফোনেৰে গৃহমন্ত্ৰী অমৃত শ্বাহৰ স’তে বাৰ্তালাপ কৰো আৰু মই অনুভৱ কৰো যে তলাবন্ধৰ ম্যাদ ১৫ দিন অধিক বৃদ্ধি কৰিব লাগে । অৱশ্যে আমি অধিক পৰিমাণৰ সকাহ দিব লাগে বুলিও দাবি জনাইছো । ৰেষ্টোৰাসমূহ মুকলি কৰিবলৈ অনুমতি দিব লাগে। এই ক্ষেত্ৰত সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু ৫০ শতাংশ গ্ৰাহকৰ প্ৰৱেশ বাধ্যতামূলক কৰিব লাগিব।’






























