- বিশ্বত কৰ’না ভাইৰাছে প্ৰতিটো মুহুততে সলনি কৰিছে প্ৰেক্ষাপট ৷ তাৰ মাজতে বিশ্বত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৫,৯২৩,৪৩২ জনলৈ বৃদ্ধি পাইছে । মৃত্যু হৈছে ৩,৬৬,৮৭৫ জন লোক আৰু সুস্থ হৈ উঠিছে ২,৪৯৩,৫৩৫ জন ৷
- স্কটলেণ্ডৰ প্ৰধানমন্ত্ৰী নিকোলা ষ্টৰ্জনে ব্ৰিটেইনক কৰ’না প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধ প্ৰত্যাহাৰ নকৰিবলৈ আহ্বান কৰে ।প্ৰধানমন্ত্ৰী ষ্টৰ্জনে আশংকা কৰে যে তলাবন্ধ প্ৰত্যাহাৰ কৰিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি হ’ব। ষ্টৰ্জনে শনিবাৰে ব্ৰিটেইনৰ লোকসকলক তলাবন্ধ শিথিল কৰা নিয়মসমূহ নামানিবলৈ কয় । আমি সাৱধানতা অৱলম্বন কৰিব লাগে ৷ কৰ’নাৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই । যদি আমি সতৰ্কতা অৱলম্বন নকৰো তেন্তে পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাব ৷ এই মন্তব্য নিকোলা ষ্টৰ্জনৰ ৷
- কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ পাকিস্তানে লৈছে বিভিন্ন কাৰ্যপন্থা ৷ শেহতীয়াকৈ পাকিস্তানে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ৷ বিগত ২৪ ঘন্টাত কৰ’নাত ৩,০৩৯ হাজাৰ লোক আক্ৰান্ত হয় ৷ তেতিয়া পাকিস্তান চৰকাৰে এই সিদ্ধান্ত লয়। পাকিস্তানত এই পৰ্যন্ত ৬৯ হাজাৰ ৪৯৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ আৰু মৃত্যু হৈছে ১৪৮৩ জন লোক।
- ইফালে নেপালে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰে ১৪ জুনলৈ ৷নেপাল চৰকাৰৰ প্ৰবক্তা যুৱৰাজ খাতীবাড়াই শনিবাৰে এই বিষয়ে উল্লেখ কৰে । যিসমূহ ঠাইত কৰ’নাৰ সংক্ৰমণ বেছি তাত সেনা নিয়োগ কৰা হৈছে । দ্য হিমালয়ান টাইমছৰ অনুসৰি ইতিমধ্যে পাকিস্তানত সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান ৩০ জুনলৈকে বাতিল কৰা হৈছে।
- বেলজিয়ামৰ ২৪ বয়সীয়া ৰাজকুমাৰ জোৱাকিম কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে । ২৬ মে’ত ৰাজকুমাৰ গৈছিল ইন্টাৰ্ণশ্চিপত। তাত এটি পাৰ্টিত যোগদান কৰিছিল ।ইয়াৰ পিছত ৰাজকুমাৰৰ শৰীৰত কৰ’নাৰ লক্ষণ দেখা গৈছিল ৷
- সোমবাৰৰ পৰা সংবেদনশীল লোকসকলে সকাহ পাব ব্ৰিটেইনত ৷ কাৰণ কৰ’না ভাইৰাছত আক্ৰান্ত হ’ব পৰাৰ বেছি সম্ভাৱনা থকা লোকসকলক ব্ৰিটেইন চৰকাৰে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ অনুমতি দিয়ে । তেওঁলোকে পৰিয়ালৰ লোকৰ স’তে ঘৰৰ পৰা বাহিৰলৈ ওলাব পাৰিব ৷ অৱশ্যে সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব।
- ব্ৰাজিলত বিগত ২৪ ঘন্টাত প্ৰায় ৩০ হাজাৰ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হয়। দেশখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা হয় প্ৰায় পাঁচ লাখ। আনহাতে এদিনতে ৮৯০ জন লোকৰ মৃত্যু হয় ব্ৰাজিলত।
- ইফালে আমেৰিকাত এদিনতে ৯৬০ জন লোকৰ মৃত্যু হয় । আৰু ২৩ হাজাৰতকৈও অধিক লোক আক্ৰান্ত হয় কৰ’নাত ৷ আমেৰিকাত কৰ’নাত মৃত্যু হৈছে এক লাখ পাঁচ হাজাৰ ৫৫৭ জন ৷
- উল্লেখযোগ্য যে এই পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ১,৮২,১৪৩ জন ৷ মৃত্যু হৈছে ৫,১৬৪ জন আৰু কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ৮২,৩৬৯ জন লোক ৷ ইফালে বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৮,৩৮০ জন ৷
ADVERTISEMENT