সোমবাৰৰ পৰা দেশত বহু পৰিমাণে শিথিল কৰা হ’ব তলাবন্ধ ৷ কিন্তু আজিৰ দিনটোত কৰ’না ভাইৰাছৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ দেওবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰ্যালয়ে দিয়া হিচাপ অনুসৰি বিগত ২৪ ঘন্টাত কৰ’নাত সংক্ৰমিত হৈছে ৮৩৮০ জন ৷ এটা দিনত এই বৃহৎ সংখ্যক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য এইয়াই প্ৰথম । ইফালে দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১ লাখ ৮২ হাজাৰ ১৪৩ জনলৈ বৃদ্ধি পাইছে। দেশৰ এই আক্ৰান্ত লোকসকলৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ সংখ্যাই অধিক । দেশত সম্প্ৰতি বহিঃৰাজ্যৰ পৰা অহা লোকসকল নিজ গৃহলৈ উভতি আহিছে । এই লোকসকলক ইতিমধ্যে কৰ’না পৰীক্ষা কৰোৱা হৈছে । যিমানে এই পৰীক্ষাৰ সংখ্যা বাঢ়িছে সিমানে দেশত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি হৈছে ।
আনহাতে দেশত ইতিমধ্যে কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচ হাজাৰলৈ বৃদ্ধি পাইছে । বিগত ২৪ ঘন্টাত কৰ’নাত মৃত্যু হৈছে ১৯৩ জনৰ । সমগ্ৰ দেশত কৰ’নাত মৃত্যু হৈছে ৫,১৬৪ জন ৷ আক্ৰান্তৰ দৰে কৰ’নাত মৃত্যুৰ সংখ্যাত শীৰ্ষত মহাৰাষ্ট্ৰ । দ্বিতীয় স্থানত আছে গুজৰাট ৷ৰাজ্যখনত ক’ভিড-১৯ত মৃত্যু হৈছে ১,০০৭ জনৰ । ইয়াৰোপৰি দিল্লীত ৪১৬ জন, মধ্য প্ৰদেশত ৩৪৩ জন, উত্তৰ প্ৰদেশত ২০১, ৰাজস্থানত ১৯৩, তামিলনাডুত ১৬০ জন লোকৰ মৃত্যু হৈছে । দেশত কৰ’না ভাইৰাছত সকলোতকৈ বেছি আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈছে ৬৫ হাজাৰ ১৫৮ জন। দ্বিতীয় স্থানত আছে দিল্লী ৷ ৰাজধানী দিল্লীত আক্ৰান্ত হৈছে ১৮,৫৪৯ জন ৷
ইয়াৰোপৰি তামিলনাডুত ২১,১৮৪, গুজৰাটত ১৬,৩৪৩ জন, ৰাজস্থানত ৮,৬১৭, মধ্য প্ৰদেশত ৭,৮৯১, উত্তৰ প্ৰদেশত ৭,৪৪৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ পশ্চিমবংগত কৰ’নাত আক্ৰন্ত লোকৰ সংখ্যা হৈছে ৫,১৩০ জন ৷ কেন্দ্ৰৰ হিচাপত মৃত্যুৰ সংখ্যা ৩০৯ জন ৷ ইফালে ৰাজ্য চৰকাৰৰ হিচাপত মৃত্যু হৈছে ২৩৭ জন ৷ উল্লেখযোগ্য যে দেশত কৰ’নাৰ আক্ৰান্তৰ সমান্তৰালকৈ সুস্থ হোৱা পৰিসংখ্যাও বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰ্যালয়ৰ অনুসৰি সমগ্ৰ দেশত সুস্থ হৈ উঠিছে ৮৬ হাজাৰ ৯৮৪ জন ৷ আনহাতে দেশত সম্প্ৰতি কৰ’নাত চিকিৎসাধীন হৈ আছে ৮৯ হাজাৰ ৯৯৫ জন ।