- সমগ্ৰ বিশ্বই সম্প্ৰতি কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে। সমগ্ৰ বিশ্বতে এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ৬০ লাখ ৬৫ হাজাৰৰো অধিক লোক । মৃত্যু হৈছে তিনি লাখ ৬৯ হাজাৰ জন লোক ৷ ইফালে কেৱল আমেৰিকাতে ১ লাখ তিনি হাজাৰৰ অধিক লোকৰ মৃত্যু হৈছে। আক্ৰান্ত হৈছে ১৭ লাখ ৭৭ হাজাৰ লোক ৷ কিন্তু সম্প্ৰতি আমেৰিকাৰ পৰিস্থিতি আগতকৈ কিছু স্থিতিশীল হৈছে বুলি মন্তব্য কৰে স্বাস্থ্য বিশেষজ্ঞসকলে ৷
- কিন্তু সংক্ৰমণৰ ক্ষেত্ৰত আমেৰিকাৰ পিছতই দ্বিতীয় স্থানত আছে ব্ৰাজিল । ইতিমধ্যে ব্ৰাজিলত হোৱা কৰ’নাৰ সংক্ৰমণলৈ লক্ষ্য কৰি অনাগত দিনত দেশখনত আৰু অধিক সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞৰ দলে ৷ সমগ্ৰ বিশ্বৰ লগতে কৰ’নাৰ আক্ৰান্তত ব্ৰাজিলে দ্বিতীয় স্থান লাভ কৰিছে। ব্ৰাজিলত কৰ’নাত আক্ৰান্ত হৈছে ৯৮ হাজাৰ আৰু মৃত্যু হৈছে ২৮ হাজাৰ ৷ তৃতীয় স্থানত আছে ৰাছিয়া ৷ ৰাছিয়াত আক্ৰান্ত হৈছে তিনি লাখ ৯৬ হাজাৰ ৷ আৰু মৃত্যু হৈছে চাৰি হাজাৰতকৈ অধিক লোক।
- ইপিনে ব্ৰিটেইনত কৰ’নাত সংক্ৰমণৰ গতি কিছু পৰিমাণে হ্ৰাস পাইছে । ব্ৰিটেইনত আক্ৰান্ত হৈছে দুই লাখ ৭৪ হাজাৰ লোক ।মৃত্যু হৈছে প্ৰায় ৩৮ হাজাৰ ৷
- সাম্প্ৰতিক কালত কৰ’নাৰ দ্ৰুত সংক্ৰমণ বৃদ্ধি পাইছে কানাডাত ৷ কৰ’নাত কানাডাত আক্ৰান্ত হৈছে ৯১ হাজাৰ লোক ৷মৃত্যুৰ সংখ্যা ইতিমধ্যে সাত হাজাৰলৈ বৃদ্ধি পাইছে ৷ কৰ’না মহামাৰীৰ সাম্প্ৰতিক চিত্ৰ দেখি শংকিত হৈ পৰিছে চিকিৎসকসকল ৷ কানাডাৰ লগতে সংক্ৰমণৰ গতি বৃদ্ধি পাইছে ব্ৰাজিল, আৰ্জেণ্টিনা, মেক্সিকো তথা পেৰুত ৷
- আনহাতে, সম্প্ৰতি কৰ’নাৰ দ্ৰুত সংক্ৰমণ বৃদ্ধি পাইছে উপসাগৰীয় দেশসমূহত ৷ ইৰানত ইতিমধ্যে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । লগতে কুৱেত, চৌদি আৰব আদি দেশতো কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷
ADVERTISEMENT