মুখ্যমন্ত্ৰীকে ধৰি একাধিক মন্ত্ৰী, বিধায়কৰ কন্যকা বহুমুখী পাম পৰিদৰ্শন 

99113033 1662927377197076 6810466908974874624 n

বহিঃৰাজ্যৰ পৰা ঘৰলৈ ওভতা যুৱকক লৈ কৰ্ম আচঁনি যুগুত বিধায়ক পদ্ম হাজৰিকাৰ

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী পাম পৰিদৰ্শনৰ বাবে ইতিমধ্যে বিভিন্ন সময়ত জামুগুৰিহাটত উপস্থিত হৈছিলহি মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ প্ৰায় সংখ্যক মন্ত্ৰী বিধায়ক আৰু আমোলা বিষয়া ৷ কন্যকা বহুমুখী পাম পৰিদৰ্শন কৰি প্ৰতিজন মন্ত্ৰী বিধায়কে নিজ নিজ সমষ্টিত কন্যকা বহুমুখী পামৰ দৰে  একোখনকৈ পাম খোলাৰো পৰিকল্পনা গ্ৰহণ কৰে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও কন্যকা বহুমুখী পামৰ জৰিয়তে চতিয়া সমষ্টিত সৃষ্টি হোৱা অৰ্থনৈতিক বিপ্লৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ কথাও ঘোষণা কৰিছিল ৷ সেই ঘোষণা অনুসৰিয়েই দেওবাৰে নগাওঁ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোৰ একাংশ পঞ্চায়ত প্ৰতিনিধিক লগত লৈ কন্যকা বহুমুখী পাম পৰিদৰ্শন কৰে ৷

কন্যকা কৃষিপাম পৰিদৰ্শন কৰি সাংবাদিকৰ আগত বিধায়ক ৰূপক শৰ্মাই কয়- চতিয়া সমষ্টিৰ কন্যকা কৃষি পামৰ লেখিয়াকৈ নগাঁৱত আমি কৃষি পাম স্থাপন কৰিম ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোত যি কৃষি বিপ্লৱ সুচনা কৰিছে সেইয়া ৰাজ্যৰ নিবনুৱা সকলৰ বাৱে সুখবৰ ৷ দুহেজাৰ বিঘা মাটিৰে আৱৰা কন্যকা কৃষি পামত গঢ় লৈ উঠা মীন উৎপাদন, দুগ্ধ উৎপাদন, গৰু-ছাগলী, কুকুৰা, গাহৰী পালনৰ লগতে জৈৱিক পদ্ধতিত কৰা খেতি পৰিদৰ্শন কৰি আমি অভিভূত হৈ পৰিছো ৷ যোৱা ২১ মে’ত শদিয়াৰ বিধায়ক বলীন চেতিয়াই চতিয়াৰ কন্যকা কৃষি পাম পৰিভ্ৰমণ কৰি শদিয়াতো এনে কৃষি বিপ্লৱ গঢ়ি তোলাৰ অংগিকাৰ কৰি যোৱাৰ পিছত দেওবাৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই পৰিদৰ্শন কৰে চতিয়া সমষ্টিৰ কন্যকা কৃষি পামৰ লগতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা বস্ত্ৰ উদ্যোগ, তেলৰ উদ্যোগ, পশু খাদ্যৰ লগতে বিভিন্ন ক্ষুদ্ৰ উদ্যোগ ৷ বিধায়ক গৰাকীৰ উদ্দেশ্য কন্যকা কৃষি পামৰ দৰে নগাঁৱতো এখন বিশাল কৃষিপাম স্থাপন কৰা আৰু নগাঁৱ সমষ্টিৰ নিবনুৱাক জড়িত কৰা ৷

কন্যকা কৃষিপামৰ লগতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গঢ়লৈ উঠা কৃষিপাম সমূহ পৰিদৰ্শন কৰি ৰূপক শৰ্মাই কয় চতিয়া সমষ্টিত পদ্ম হাজৰিকাৰ নেতৃত্বত অৰ্থনৈতিক বিপ্লৱ সৃষ্টি হৈছে ৷ এই বিপ্লৱ ৰাজ্যখনৰ চুকে-কোণে সিঁচৰিত হৈ পৰক ৷ বিধায়ক পদ্মই নিবনুৱা সংস্থাপনৰ যি সপোন পুহি ৰাখিছে সেইয়া সাৰ্থক হওক বুলি মন্তব্য কৰে নগাঁৱৰ বিধায়ক গৰাকীয়ে ৷ ইফালে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সাংবাদিকৰে হোৱা কথাবাৰ্তাত কয় সমষ্টিটোৰ চাৰিশটা কৃষি গোটত চাৰিহেজাৰ নিবনুৱা জড়িত হৈ পৰিছে ৷ সমষ্টিটোৰ ১৯ টা পঞ্চায়তত বিভিন্ন কৃষিপামৰ লগতে লঘু উদ্যোগ স্থাপন কৰি স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিছে নিবনুৱা সকলে ৷ অহা এটা বছৰৰ ভিতৰত শোণিতপুৰ জিলাখনৰ লগতে নিকটৱৰ্তী বিশ্বনাথ জিলাৰ মাছ, মাংস আৰু গাখীৰৰ বজাৰখন সম্পূৰ্ণৰূপে চতিয়াৰ নিবনুৱাই দখল কৰিব বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ ইতিমধ্যে বহিঃৰাজ্যৰ পৰা ঘৰলৈ ওভতি অহা সমষ্টিৰ যুৱক সকলক লৈ বিভিন্ন কৰ্মমুখী আচঁনি ৰূপায়নৰ পৰিকল্পনা কৰা বুলিও মন্তব্য কৰে বিধায়ক  হাজৰিকাই ৷

Exit mobile version