কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ টেলিফোনিক বাৰ্তালাপ

1

১. তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ খাদৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গমণ বন্ধ কৰাৰ দিশত ক্ষিপ্ৰ ব্যৱস্থা লোৱাৰ বাবে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আহ্বান ৷

২. উল্লেখযোগ্য যে ২৭ মে’ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ খাদটোৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গমণ হৈ আছে।

৩. এই ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডে পদক্ষেপ ল’ব যদিও অবিৰতভাৱে গেছ নিৰ্গমণ হৈ আছে ৷

৪. ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সোনোৱালে আজি ধৰ্মেন্দ্ৰ প্ৰধানক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ কাৰণে আহ্বান কৰে ৷

৫. লগতে বিদেশৰ বিশেষজ্ঞক মোতায়ন কৰাৰ কাৰণেও অনুৰোধ জনাই ৷

৬. মুখ্যমন্ত্ৰীয়ে তৈল খাদৰ দাঁতিকাষৰীয়া ক্ষতিগ্ৰস্ত জনসাধাৰণক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ পদক্ষেপ ল’বলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায় ।

৭. আনহাতে মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে ছিংগাৰপুৰৰ বিশেষজ্ঞক অনাৰ পদক্ষেপৰ সন্দৰ্ভত সদৰী কৰে ৷

৮. লগতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিবক তৈল খাদস্থলিত উপস্থিত হৈ চৰজমিন তদন্ত কৰাৰ উপৰি এই দিশত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰতো নিৰ্দেশ দিয়া হৈছে ৷

৯. ইফালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নিৰ্দেশত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবগৰাকীয়ে বাঘজানৰ পৰিস্থিতিৰ চৰজমিন বুজ লোৱাৰ বাবে ইতিমধ্যে উপস্থিত হৈছে ৷

১০. তদুপৰি ছিংগাৰপুৰৰ বিশেষজ্ঞইও কাইলৈ বাঘজানত উপস্থিত হৈ গেছ নিৰ্গমণ বন্ধ কৰা অভিযানত নামি পৰিব ৷

Exit mobile version