- সমগ্ৰ বিশ্বতে সম্প্ৰতি কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্বত এই পৰ্যন্ত ৬,৩৭৮,২৩৯ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে । মৃত্যু হৈছে ৫,৮১৫ জন আৰু কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ১,০০,৩০২ জন ।
- ইফালে ইউৰোপীয় দেশসমূহৰ পৰা অহা নাগৰিকসকলৰ প্ৰবেশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল ইটালীয়ে । এতিয়া এই প্ৰতিবন্ধকতা আঁতৰাই দিয়া হৈছে ৷ কাৰণ কৰ’না ভাইৰাছৰ কাৰণে ইটালীৰ পৰ্যটন বিভাগক পুনৰ শক্তিশালী কৰিবৰ কাৰণে এই ব্যৱস্থা লোৱা হৈছে । আজিৰে পৰা ইটালী পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ৷ উল্লেখযোগ্য যে ইটালীত ১৮ মে’ৰ পৰা তলাবন্ধৰ হ্ৰাস কৰা আৰম্ভ কৰিছিল ৷ ১৫ জুনৰ পৰা দেশখনত ছবিগৃহসমূহ খুলি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।
- বাংলাদেশত থকা বিশ্বৰ বৃহৎ শৰণাৰ্থী শিবিৰত কৰ’নাত আক্ৰান্ত হৈ প্ৰথম গৰাকী ৰোহিংগীয়াৰ মৃত্যু হয় ৷ মৃতকৰ নাম অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই।
- বিশ্বত কৰ’নাৰ সংক্ৰমণত বাতৰিৰ শিৰোনামা দখল কৰা শীৰ্ষ স্থান দখল কৰা আমেৰিকাত পুনৰ কৰ’নাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে ৷ আমেৰিকাত বিগত ২৪ ঘন্টাত ২০ হাজাৰ ৪৬১ জন লোকৰ মৃত্যু হৈছে ৷ লগতে মৃত্যু হয় ১০১৫ জন লোক । কৰ’নাত সংক্ৰমিত সংখ্যা আমেৰিকাত ১৮ লাখতকৈও অধিক বৃদ্ধি হৈছে ৷
- আনহাতে ব্ৰাজিলত বিগত ২৪ ঘন্টাত প্ৰায় ১২৬২ জন লোক সংক্ৰমিত হৈছে । কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৩১ হাজাৰ ১৯৯ জন৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অনুসৰি পুনৰ ২৯ হাজাৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৷ ব্ৰাজিলত এতিয়ালৈকে পাঁচ লাখ ৫৫ হাজাৰ ৩৮৩ জন লোক সংক্ৰমিত হৈছে।
- দক্ষিণ আমেৰিকাৰ দেশ চিলীত ক’ভিড-১৯ৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে । ইয়াত কৰ’নাত সংক্ৰমণৰ সংখ্যা ১ লাখ ০৮ হাজাৰ ৬৮৬ জনলৈ বৃদ্ধি পাইছে । ইয়াত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পাঁচ জুনলৈ বৃদ্ধি আহিছে ।
- কৰ’না ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰা ইজৰাইলত সম্প্ৰতি সংক্ৰমণৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে যদিও বিগত ২৪ ঘন্টাত নতুনকৈ ১১৬ জন নতুনকৈ আক্ৰান্ত হৈছে ৷
- উল্লেখযোগ্য যে ভাৰতবৰ্ষত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে বহু পৰিমাণে বৃদ্ধি পাইছে ৷ বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ৮,৯০৮জন লোক । ২,০৭,৬১৪ জন আক্ৰান্তৰে সম্প্ৰতি বিশ্বত ভাৰতৰ স্থান হৈছে সপ্তম । মৃত্যু হৈছে ৫,৮১৫ জন । আনহাতে সুস্থ হৈ উঠিছে ১,০০,৩০২ জন ৷