মুম্বাইৰ সমুদ্ৰৰ পাৰত আহি দুৰ্বল হৈ পৰিল নিসৰ্গ

03THRDCYCLONE11

ইতিমধ্যে কৰ’নাৰ আক্ৰান্তত বিধ্বস্ত হোৱা মুম্বাই আন এক বিপদৰ পৰা কথপমি ৰক্ষা পৰিল। সেয়া হৈছে ভয়াৱহ ঘূৰ্ণী ধুমুহাৰ বাবে মহাৰাষ্ট্ৰ, গুজৰাট, দমন আৰু ডিউ, দাদৰা আৰু নগৰ হাভেলিত সতৰ্কতা অৱলম্বন কৰা হৈছে । আৰব সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে নিসৰ্গৰ আগমন ঘটিছে । মুম্বাইত আঘাত কৰিলে যদিও বিশেষ ক্ষয় ক্ষতিৰ বাতৰি অহা নাই ৷ বুধবাৰে দুপৰীয়া প্ৰায় ডেৰ বজাত আলিবাগ অঞ্চলৰ সমীপৰ মহাৰাষ্ট্ৰৰ উপকূলৰ ভূভাগত খুন্দা মাৰিলে নিসৰ্গই ৷ এই অঞ্চল মুম্বাইৰ পৰা প্ৰায় এশ কিলোমিটাৰ নিলগত ৷ ঘূৰ্ণী ধুমুহাজাকে বহু গছ গছনি ভাঙি উভালি পেলায় ৷ বিদ্যুতৰ খুঁটাও উভালি পেলায় ।

প্ৰচণ্ড বৰষুণৰ লগতে তীব্ৰবেগী বতাহৰ ফলত সাগৰৰ পাৰত বৃহৎ গছ উভালি পৰে । বুধবাৰে বিয়লি প্ৰতি ঘন্টাত বতাহৰ গতি আলিবাগত আছিল ৯৩ কিলোমিটাৰ । ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৪৩ টা গোটক ঠায়ে ঠায়ে নিয়োগ কৰা হৈছে । মহাৰাষ্ট্ৰত কমেও ৪০ হেজাৰ লোকক স্থানান্তৰ কৰা হয়। ইপিনে মহাৰাষ্ট্ৰৰ পুনেৰ গ্ৰাম্যঞ্চলত নিসৰ্গই তাণ্ডৱৰ সৃষ্টি কৰে আৰু দুজনৰ মৃত্যু হয় ৷ অৱশ্যে ভয়াৱহ ঘূৰ্ণীৰূপে আক্ৰমণ কৰিব বুলি অনুমান কৰা নিসৰ্গ ভূভাগত অৱস্থানৰ লগে লগে বহু দুৰ্বল হৈ পৰে ।

Exit mobile version