১৯ জন চিকিৎসক, ৩৮ গৰাকী নাৰ্চৰ সহিতে ৪৮০ জন লোক কৰ’নাত আক্ৰান্ত দিল্লীৰ এইমছত

AIIMS pti

দিল্লীৰ এইমচ চিকিৎসালয়ত কৰ’না ভাইৰাছত আক্ৰান্ত স্বাস্থ্যকৰ্মীৰ সংখ্যা বৃদ্ধি পাইছে ৷ ১৯ জন চিকিৎসকৰ লগতে ৩৮ গৰাকী নাৰ্চসহ প্ৰায় ৪৮০ জনোৰো অধিক স্বাস্থ্য কৰ্মী আক্ৰান্ত হৈছে কৰ’না ভাইৰাছ । এইমছৰ ৭৪ জন নিৰাপত্তাৰক্ষী, ৭৫ জন এটেণ্ডেণ্ট, ৫৪ জন চাফাই কৰ্মী, ১৪ জন লেবটৰী টেকনিচিয়ানৰ লগতে বহুতো অপাৰেশ্যন থিয়েটাৰৰ লগত জড়িত স্বাস্থ্য কৰ্মীৰ ক’ভিড-১৯ৰ পৰীক্ষা ফলাফল পজিটিভ পাইছে । ইফালে এইমছত কৰ’না আক্ৰান্ত হৈ মৃত্যু হৈছে তিনিজন স্বাস্থ্যকৰ্মীৰ ৷ ইয়াৰ পিছতে বিগত সপ্তাহত চিকিৎসক আৰু নাৰ্ছসকলে সতৰ্কতা অৱলম্বন কৰিবৰ কাৰণে দাবী জনায় । লগতে নাৰ্চসকলে ব্যৱহাৰ কৰা পি পি ই কীটসমূহৰ মানদণ্ডৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে বিগত সময়ত ৷

চিকিৎসাকৰ্মীসকলৰ ওপৰিও এপ্ৰিলত এইমছত কৰ্মৰত এজন আৰক্ষীৰ দেহতো ক’ভিড১৯ পোৱা গৈছিল । তাৰ পিছত ক’ভিড ১৯ পোৱা আৰক্ষীজনৰ সংস্পৰ্শলৈ অহা বাকী আৰক্ষীসমূহকো কোৱাৰেন্টাইন কৰা হয় । মাৰ্চ মাহত কৰ’না ভাইৰাছৰ প্ৰকোপ বাঢ়ি অহাত এইমছৰ বৰ্হি বিভাগটোক কৰি দিয়া হৈছিল । কৰ’না ভাইৰাছৰ সংক্ৰমণত দেশৰ ভিতৰত তৃতীয় স্থানত আছে ৰাজধানী দিল্লী ।বিগত ২৪ ঘন্টাত এক হাজাৰ ৫১৩ জন নতুনকৈ আক্ৰান্ত হৈছে দিল্লীত । আনহাতে দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ২৩ হাজাৰ ৬৪৫ জন ৷ কৰ’নাৰ কাৰণে দিল্লীত মুঠ ৬০৬ জন লোকৰ মৃত্যু হৈছে দিল্লীত ।

Exit mobile version