কোৱাৰেন্টাইন কেন্দ্ৰত উদ্ভণ্ডালি, ৰান্ধনীৰ শৰীৰত ঢালিলে খাদ্য

কোৱাৰেন্টাইন কেন্দ্ৰত উদ্ভণ্ডালি কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এনে সময়তে বঙাইগাঁও জিলাত একাংশ কোৱাৰেন্টাইনত থকা লোকে চূড়ান্ত উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনকি একাংশই মহিলাক অশালীন ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে। ইয়াৰ বিপৰীতে ওদালগুৰি জিলাত একাংশ কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্যত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইপিনে, শুৱালকুচিৰ আক্রান্ত চিকিৎসকৰ সংস্পৰ্শলৈ অহা ডেৰ শতাধিক লোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে। বৃহস্পতিবাৰে প্ৰায় আঢ়ৈশ লোকৰ শৰীৰত নতুনকৈ কৰ’না ভাইৰাছৰ উপস্থিতি চিনাক্ত হয়। ইয়াৰে অৰ্দ্ধশতাধিক লোক ধুবুৰী জিলাৰ। সেইদৰে নগাঁও, হোজাই, ওদালগুৰি আদি জিলাত আক্ৰান্তৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে।

Exit mobile version