কৰ’নাৰ বিৰুদ্ধে স্বাস্থ্যকৰ্মীৰ যুজঁ : ন সপ্তাহৰ অন্তত মাতৃক দেখি ফেকুৰি উঠিল দুই কন্যা

IMG 20200605 145233

কৰ’নাৰ বিৰুদ্ধে পৰিয়ালক এৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ যুজঁ চলাই গৈছে চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলে । পৰিয়ালৰ অন্যান্য সকলৰ সুৰক্ষাৰ কথা ভাবিয়ে চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলে ঘৰৰ পৰা দূৰত আছে । এনে এগৰাকী মাতৃয়ে প্ৰায় দুমাহৰ অন্তত তেওঁৰ দুই কন্যাৰ ওচৰত উপস্থিত হ’ল ।ইমান দিনৰ পাছত মাতৃক দেখা পোৱাৰ আনন্দ বন্দী হয় কেমেৰাত । ব্ৰিটেইনৰ এখন হাস্পতালত স্বাস্থ্যকর্মী হিচাপে কৰ্মৰত হৈ আছে ছুজি ভন । মহিলাগৰাকী কৰ’না আক্ৰান্তৰ চিকিৎসাৰে জড়িত হৈ থকাত পৰিয়ালৰ পৰা আতৰত থাকিবলগীয়া হৈছে । ৪৩বছৰ বয়সীয়া এই ছুজিৰ আছে দুই কন্যা। ন বছৰ বয়সীয়া কন্যাৰ নাম বেলা আৰু সাত বছৰ বয়সীয়া কন্যাৰ নাম হেটি । স্বাস্থ্যকৰ্মী ছুজিয়ে এই সময়ছোৱাত দুই কন্যাক এৰি থৈ গৈছিল ভগ্নী শাৰ্লটৰ ওচৰত । মাতৃৰ স’তে দুই কন্যাৰ এই সময়ছোৱাত প্ৰায় ন সপ্তাহ ধৰি দেখা সাক্ষাৎ হোৱা নাছিল ।

ইয়াৰ মাজতে মঙলবাৰে ছুজিয়ে ঘৰলৈ অহাৰ সিদ্ধান্ত লয়; কিন্ত দুই কন্যাক আচৰিত কৰিবলৈ আগতীয়াকৈ এই বিষয়ত কোনো কথা জনোৱাৰ পৰা বিৰত থাকে ছুজিয়ে । স্বাভাৱিকতে দীৰ্ঘদিনৰ মূৰত মাতৃক দেখা পাই আনন্দিত হৈ পৰে দুয়ো কন্যা। আনন্দৰ মুহূৰ্তটোক বন্দী কৰি ৰখাৰ ক্ষেত্ৰতো বহি নাথাকিল ভগ্নী শাৰ্লট।ইয়াৰ পাছত ভবা মতেই কাম । ভিডিঅ’টো টুইটাৰত প’ষ্ট কৰে শাৰ্লটে। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে এখন ছোফাত বহি আছে দুয়ো কন্যা। দুটি কুকুৰো আছে দুই কন্যাৰ লগত । মাতৃ ছুজিয়ে দুই কন্যাই বহি থকাৰ ফালে লাহে লাহে কোনেও নেদেখাকৈ আগুৱাই গৈছে । এটা সময়ত মাতৃৰ পাছ লৈছে কুকুৰ দুটিয়ে ।হঠাতে দুই কন্যাৰ পাছত উপস্থিত হৈ ছুজিয়ে দুয়োকে চমকাই দিয়ে ।

হঠাতে মাতৃক দেখি দুই কন্যাই চিঞৰি উঠে । হেটিয়ে মাতৃক দেখিও বিশ্বাসকে কৰিব পৰা নাই যে মাতৃ আহি ঘৰত উপস্থিত হৈছে। দুয়ো কন্যাই মাতৃক সাৱটি ধৰি আনন্দত ফেকুৰি উঠে । ছুজিয়েও দুমাহৰ অন্তত দুয়ো কন্যাক ওচৰতে পাই সহজতে এৰি দিব নিবিচাৰিলে । শাৰ্লটৰ একাউন্টৰ পৰা ৬৩ লাখবাৰ দৰ্শন কৰা হৈছে ভিডিঅ’টো । ভিডিঅ’টো বৃহৎ সংখ্যক লোকে শ্বেয়াৰ কৰিছে । সকলো মিলাই কোটিৰো অধিক ‘ভিউ ‘ লাভ কৰিছে ভিডিঅ’টোৱে ।

Exit mobile version