ধেমাজিত আঠজনৰ শৰীৰত ক’ভিড-১৯

ধেমাজি জিলাত কভিড-১৯ ৰ আক্রান্ত লোকৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পাইছে | আজি পুনৰ ৮ জন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে | আক্রান্ত লোক কেইজন হৈছে জিলাখনৰ চিচিবৰ গাঁওৰ বিতুল গগৈ (২৫), মৰিধল লক্ষীপথাৰ গাঁওৰ ৰমন মিলি (২৭), গোগামুখ মিংমাং গাঁওৰ আপেল দলে (২০), মিংমাং গাঁৱৰ জান লাগাছু (২১), গোগামুখ মিংমাং গাঁৱৰ বিৰাত কুলি (২৯), টিংগিৰি গাঁৱৰ ৰিপন পেগু (২০), মিংমাং গাঁৱৰ ৰাজু দলে (২২ ) আৰু গোগামুখ নাহৰ বাৰীৰ অৰুন ৰাই (২৩) | উল্লেখ্য যে আজি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুজন কৰ’না ৰোগীক আজি নিজ গৃহলৈ যাবলৈ অনুমতি দিয়া হয় | চিকিৎসাধীন অৱস্থাত দুবাৰকৈ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছত তেওঁলোক দুজনক ক্রমে কাচেম মিলি (৩০) আৰু মৌচুমি মিলি (২৪)ক আজি চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ যাবলৈ অনুমতি দিয়ে |

Exit mobile version