এজনৰো মৃত্যু নোহোৱাকৈ সম্পূৰ্ণৰূপে কৰ’নামুক্ত হ’ল ফিজি

Royal Davui Island Fiji Resort Homepage Header 2

ক’ভিড-১৯ত আক্ৰান্ত অন্তিম জন ৰোগীয়ে সুস্থ হৈ হাস্পতাল ত্যাগ কৰাৰ পিছতে ক’ৰনামুক্ত হল ফিজি। প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ খনৰ চৰকাৰে কৰ’না ভাইৰাছৰ বিৰূদ্ধে সংগ্ৰামত নিজৰ এই সফলতাৰ কথা ঘোষণা কৰে।লক্ষ্যণীয় ভাৱে ক্ষুদ্ৰ দীপ ৰাষ্ট্ৰ খনৰ এজন লোকৰো ক’ভিড-১৯ত মৃত্যু নহ’ল। উল্লেখযোগ্য যে মাৰ্চৰ মাজভাগত ফিজিত প্ৰথমজন কৰ’না ৰোগী চিনাক্ত হৈছিল।প্ৰথম ৰোগী চিনাক্ত হোৱাৰ লগে লগে দেশখনৰ ৯ লাখ ৩০ হেজাৰ নাগৰিকৰ মাজত আতংক বিয়পি পৰিছিল।কিন্তু দেশখনৰ চৰকাৰে কঠোৰ আইছ’লেছন আৰু সীমান্ত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ ৰোধ কৰিবলৈ সক্ষম হয়।যাৰ বাবে ফিজিত মাত্ৰ ১৮জন লোকহে ক’ভিড-১৯ত আক্ৰান্ত হৈছিল ।

কালি ফিজিক কৰে’না মুক্ত বুলি ঘোষণা কৰি দেশখনৰ প্রধান মন্ত্ৰী ফ্ৰাংক বাইনিমাৰামাই কয় যে এই সফলতাৰ অন্তৰালত আছিল প্ৰাৰ্থনা, পৰিশ্ৰম আৰু বৈজ্ঞানিক নিশ্চিতকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা। টুইট কৰি প্ৰধানমন্ত্ৰী জনে কয়, “ফিজিত আজি আমাৰ অন্তিম জন ক’ভিড -১৯ ৰোগীক মুকলি কৰি দিয়া হৈছে।’ প্ৰধান মন্ত্ৰী জনে লগতে কয় যে আমাৰ পৰীক্ষাৰ সংখ্যা দিনক দিনে বঢ়োৱা হলেও অন্তিনজন ৰোগী চিনাক্ত হৈছিল প্রায় ৪৫দিনৰ পূৰ্বে । এই পর্যন্ত এজনো লোকৰ ভাইৰাছত মৃত্যু হোৱা নাই বুলিও তেওঁ জনায়। ইয়াৰ উপৰি ফিজিত ক’ভিড-১৯ ৰোগী সুস্থ হোৱাৰ হাৰ এশ শতাংশ বুলিও তেওঁ কয় । মধুমেহ, হৃদৰোগৰ প্ৰচুৰ ৰোগী তথা দুৰ্বল স্বাস্থ্য ব্যৱস্থা আৰু আন্তঃগাঁথনি ৰ কাৰণে ফিজি ত এই ভাইৰাছে মাৰাত্মক ৰূপ আশংকা কৰা হৈছিল।

ইয়াৰ উপৰি ভোগোলিক দিশৰ পৰা বিচ্ছিন্ন দ্বীপটোত আইছলেচনৰ সমস্যাৰ বাবে সংক্ৰমণৰ হটস্পট ত পৰিণত হোৱাৰ আশংকাও আছিল। অথচ এই সকলোবোৰ শংকা নস্যাৎ কৰি কালি দেশখনক কৰ’নামুক্ত ৰূপে ঘোষণা কৰে প্ৰধানমন্ত্ৰী বাইনিমাৰাই। প্ৰশান্ত মহাসাগৰীয় অন্যান্য দেশত কৰ’নাৰ আতংকৰ বাবেই একেবাৰে প্রথম অৱস্থাৰ পৰাই নিজৰ সীমান্ত দ্ৰুতগতিৰে বন্ধ কৰি দিয়া হৈছিল। কেৱল সেয়াই নহয়, পৰ্যটক নিষিদ্ধৰ দৰে ব্যয়বহুল সিদ্ধান্তও গ্ৰহণ কৰে পৰ্যটনৰ বাবে জনপ্ৰিয় উক্ত দেশকেইখনে। এনে সিদ্ধান্তৰ ফলত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপৰাষ্ট্র পালাউ, টংগা, ছল’মন দ্বীপপুঞ্জ, মাৰ্শ্বাল দ্বীপপুঞ্জ, ভানুয়াতু, কুক আইলেণ্ড আৰু মাইক্ৰ’নেছিয়াত এই পর্যন্ত এজনো কৰ’নাত আক্ৰান্ত চিনাক্ত হোৱা নাই।

Exit mobile version