তপা বা কেশহীন পুৰুষক ধৰিব পাৰে কৰ’নাই

iStock 172653629

মূৰত চুলি কম ? ইয়াক সমস্যা বুলি নধৰি ‘ষ্টাইল ষ্টেটমেণ্ট’ কৰিব খুজিছে নেকি? সেই ভুল নকৰি সচেতন হওক । শেহতীয়া এক গৱেষণাত জনা গৈছে যে পুৰুষৰ মূৰত চুলি কম থাকিলে বা নাথাকিলে বাঢ়িব পাৰে কৰ’না সংক্ৰমণৰ আশংকা । এই নতুন আশংকাৰ নাম হৈছে ‘গেব্ৰিন ছাইন’। প্ৰদূষণ আৰু ভেজালৰ প্ৰকোপত আজিকালি অধিকাংশ পুৰুষৰ মূৰতে আগৰ দৰে ঢৌ খেলোৱা চুলিৰ বাহাৰ দেখিবলৈ পোৱা নাযায় উপায়ন্তৰ হৈ অনেক পুৰুষেই এতিয়া মূৰৰ এনে অৱস্থাক ষ্টাইলত পৰিণত কৰিছে ।কিন্ত আমেৰিকাৰ এদল গৱেষকে সম্প্ৰতি জনাইছে, ‘যিসকল পুৰুষৰ মূৰত চুলি কম বা যাৰ একেবাৰেই নাই, তেওঁলোকৰ কৰ’না সংক্ৰমণৰ আশংকা বেছি ।’ এই নতুন ‘ৰিস্ক ফেক্টৰ’ৰ নাম ৰখা হৈছে ‘গেব্ৰিন ছাইন’।

ক’ভিড-১৯ ত আক্ৰান্ত হৈ আমেৰিকাৰ ডাঃ ফ্ৰাংক গেব্ৰিন নামৰ চিকিৎসকজনৰ মৃত্যুৰ পাছতে এই নামাকৰণ হয়।ডাঃ গেব্ৰিনৰ মূৰতো চুলি নাছিল । এই গৱেষণাৰ মুৰব্বী ব্ৰাউন বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ কাৰ্লোছ ৱাম্বিয়াৰে কয়, ‘মূৰত চুলি কম থাকিলে সংক্ৰমণৰ সম্ভাৱনা আৰু তাৰ প্ৰভাৱ বহু বেছি বৃদ্ধি পায়।’ উল্লেখ্য যে চীনৰ উহানত কৰ’নাৰ সংক্ৰমণ বিয়পি পৰাৰ পাছৰে পৰাই বিশ্বৰ গৱেষক বিজ্ঞানীসকলে ইয়াৰ সন্দৰ্ভত গৱেষণা আৰম্ভ কৰে । ক’ৰ পৰা এই সংক্ৰমণ হৈছে ? কিহৰ বাবে এই সংক্ৰমণৰ মাত্ৰা বাঢ়িব পাৰে ? এইবোৰ প্ৰশ্নৰ উত্তৰ তন্নতন্নকৈ বিশ্লেষণ কৰি থকা অৱস্থাতে এদল গৱেষকে পুৰুষৰ মূৰত চুলি কম থকাকে ইয়াৰ কাৰণ বুলি মানি লৈছে।

গৱেষকসকলৰ মতে, মহিলাৰ তুলনাত পুৰুষ কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰৱল। সম্প্ৰতি গৱেষণাত দেখা গৈছে পুৰুষৰ শৰীৰত নিঃসৃত হোৱা হৰম’ন এন্ড্ৰ’জেনে কেৱল চুলি সৰাতে প্ৰধান ভূমিকা পালন নকৰে, কৰ’না ভাইৰাছৰ ক্ষমতাও বৃদ্ধি কৰে ।সেয়ে পুৰুষৰ চুলি সৰা হ্ৰাসৰ বাবে চিকিৎসকসকলে সেয়ে এই হৰম’নৰ প্ৰভাৱ কমোৱাৰ চেষ্টা কৰি আছে । প্ৰফেচাৰ ৱাম্বিয়াৰে কয়, ‘ইতিমধ্যেই আমেৰিকাত চুলি সৰা ৰোধৰ বাবে যি ঔষধ ব্যৱহাৰ কৰা হয়, সেই ঔষধৰ দ্বাৰাই কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰিব পাৰি নেকি তাৰ গৱেষণা চলি আছে ।

এক গৱেষণাত দেখা গৈছে যে স্পেইনৰ মাদ্রিদৰ তিনিখন হাস্পতালত ক’ভিড-১৯ত আক্ৰান্ত হৈ যিসকল ভৰ্তি হৈছিল, তেওঁলোকৰ ভিতৰত ৭৯ শতাংশ পুৰুষৰ মূৰতে চুলি নাই বা কম। যিসকলৰ চুলি কম, তেওঁলোকৰ শৰীৰত এই ভাইৰাছৰ প্ৰভাৱ অনেক বেছিকৈ দেখা গৈছে বুলিও তেওঁলোকে দাবী কৰে । ইয়াৰ ফলত এতিয়াৰে পৰা কৰ’না আক্ৰান্ত লোকসকলক মূৰৰ চুলিৰ পৰাই চিনাক্ত সম্ভৱ হ’ব ।

Exit mobile version