কৰ’নাৰে যুঁজিবলৈ প্ৰধান অস্ত্ৰ হ’ব পাৰে ‘হোমিওপেথি’

iStock 511603596

কৰ’না বিৰোধী যুঁজত মহৌষধ হৈ উঠিব পাৰে ‘হোমিওপেথি’। আৰ্চেনিকাম এলবাম, ফচফৰাচ, টিউবাৰকিউলিনাম আদিৰ দৰে হোমিওপেথি ঔষধৰ একেবাৰে প্ৰয়োগ কৰি দেশজুৰি আৰম্ভ কৰি দিয়া হৈছে ‘ক্লিনিকেল ট্ৰায়েল’ । এই সন্দৰ্ভত সেউজ সংকেত দিছে কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড-১৯ সংক্ৰান্ত গৱেষণা নিৰ্ধাৰক সৰ্বোচ্চ ‘কৰ্ম বাহিনী’ তথা ‘চেণ্ট্ৰেল কাউমিল ফৰ ৰিছাৰ্চ ইন হোমিওপেথি’ৰ দ্বাৰা । আৰ্চেনিকাম এলবাম -৩০লৈ বহু পূৰ্বেই ব্যৱহাৰৰ পৰামৰ্শ দিছে আয়ুস মন্ত্ৰণালয়ে । কিন্ত পৰৱৰ্তী সময়ত দেখা গ’ল যে কৰ’না ভাইৰাছ বহুত শক্তিশালী । এই ক্ষেত্ৰত আৰ্চেনিকাম বিশেষ কাৰ্যকৰী নহয় । তেনে পর্যায়তে ফচফৰাচ আৰু টিউবাৰকিউলিনাম সন্মুখলৈ আহে ।

চিকিৎসকৰ দ্বাৰা দাবী কৰা মতে এই দুই ঔষধৰ সহযোগ লাভ কৰিলে আৰ্চেনিকামৰ কাৰ্যকাৰিতা অধিক বৃদ্ধি পাব । ইয়াৰ দ্বাৰা প্ৰতিৰোধী ক্ষমতাও দীৰ্ঘদিন লৈ অব্যাহত থকাৰ আশা কৰা হৈছে । কেৰেলা আৰু তামিলনাডুত এই প্ৰক্ৰিয়াৰ মাধ্যমতেই জাপানী এনকেফেলাইটিছ প্ৰতিৰোধত নমা হৈছে । এই প্ৰয়োগত কাৰ্যকৰী সফলতা লাভৰো দাবী কৰা হৈছে । ক’ভিড-১৯ ৰ ক্ষেত্ৰত এই ‘ফৰ্মূলা’ কিমান দূৰ কাৰ্যকৰী হ’ব সেই ক্ষেত্ৰতো ‘ট্ৰায়েল’ আৰম্ভ কৰা হৈছে।পশ্চিমবংগ, মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰেলা, গুজৰাট, দিল্লী আদিৰ ‘কনটেইনমেণ্ট’ জ’নত থকা বাসিন্দাসকলৰ ওপৰত এই তিনি ঔষধৰ প্ৰয়োগ কৰা হ’ব ।

কলকাতাস্থিত’নেচনেল ইনষ্টিটিউট অৱ হোমিওপেথি’ৰ প্ৰাক্তন অধ্যাপক ডাঃ অশোক কুমাৰ দাস আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন উপদেষ্টা তথা তামিলনাডুৰ সাৰদা কৃষ্ণ হোমিওপেথি মেডিকেল কলেজৰ পৰামৰ্শ দাতা অধ্যাপক ডাঃ ৰবি এম নায়াৰক এই গৱেষণাৰ ক্ষেত্ৰত প্ৰধান গৱেষণাৰ দায়িত্ব অৰ্পণ কৰা হৈছে । কন্যাকুমাৰী হোমিওপেথি মেডিকেল কলেজৰ তত্বাৱধানত চলিব এই ‘ট্ৰায়েল’। ডাঃ দাসৰ পৰ্যবেক্ষণতে স্পেনিচ ফ্লু, ডেংগি, কলেৰা আদিকে ধৰি বহু মহামাৰীত হোমিওপেথিয়ে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰাৰ তথ্য লাভ কৰা হৈছে । ইয়াৰ অন্যতম কাৰণ হ’ল হোমিওপেথি চিকিৎসা উপসৰ্গৰ ওপৰত ভিত্তি কৰিহে প্ৰয়োগ কৰা হয় । এনে কাৰণতে কৰ’না ভাইৰাছে চৰিত্ৰ সলনি কৰিলেও বিশেষ সমস্যাৰো সৃষ্টি নহ’ব । কৰ’না সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত হোমিওপেথি ঔষধক লৈ বিভিন্ন পৰ্যায়ত পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে।চিকিৎসকসকলে আৰ্চেনিকামৰ স’তে ফচফৰাচক যুক্ত কৰি ব্যৱহাৰ কৰাত কাৰ্যকৰী ফলাফলো লাভ কৰিছে ।

ডাঃ দাসে জনোৱা অনুসৰি ইটালীৰ ৩৮গৰাকী ক’ভিড-১৯ লোকৰ ক্ষেত্ৰত দেখা গৈছিল যে আটাইৰে ধমনি-সিৰা-উপসিৰাত তেজ বন্ধ হোৱাৰ ফলতে মৃত্যু হৈছিল । ইয়াৰ ফলত এনে লোকৰ ক্ষেত্ৰত অক্সিজেন অথবা ভেন্টিলেচনে ভবা ধৰণে কাম কৰা নাছিল । ফচফৰাচৰ ব্যৱহাৰে এনেদৰে তেজ জমা হোৱা বন্ধ কৰি সমস্যাটোৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গৱেষকসকলে শেহতীয়াকৈ কৰা দাবী অনুসৰি বিচিজি ভেকচিন দিয়া থাকিলে ক’ভিড-১৯ তেনে লোকৰ ক্ষেত্ৰত জটিল পৰ্যায়লৈ নাযায় । এই ক্ষেত্ৰত মৃত্যুৰ সম্ভাৱনাও যথেষ্ট হ্ৰাস পায় । আনহাতে, পানী লগা-কাহৰ পৰা মুক্তি লাভৰ ক্ষেত্ৰত টিউবাৰকিউলিনাম স’তে ফচফৰাচক যুক্ত কৰিলে অধিক কাৰ্যকৰী ফলাফল লাভ কৰিব পাৰি ।

আৰ্চেনিকাম, ফচফৰাচ আৰু টিউবাৰকিউলিনাম এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰয়োগ কৰিলে প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী তথা দীৰ্ঘস্থায়ী হয় । চিকিৎসকৰ দাবী অনুসৰি যৌথ প্ৰক্ৰিয়াৰ ফলত সম্প্ৰতি সঘনে চৰিত্ৰ সলনি কৰিবলৈ লৈছে ক’ভিড-১৯ এ । কৰ’নাক পৰাজিত কৰিবলৈ হ’লে দীর্ঘ সময়লৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো হ’ব অতিকৈ জৰুৰী । এই ক্ষেত্ৰত কৰ’নাৰে যুঁজিবলৈ হোমিওপেথিয়ে হ’ব পাৰে প্ৰধান অস্ত্ৰ ।

Exit mobile version