কৰ’না মহামাৰীয়ে আৰ্থিক দৈন্যতা কঢ়িয়াইছে ৰাজ্যৰ হাজাৰ হাজাৰ মেলাকেন্দ্ৰিক ব্যৱসায়ীলৈ

bookfair

দেশত কৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি তলাবন্ধ ঘোষিত হৈ পৰাৰ পৰৱৰ্ত্তী সময়ত দেশৰ অৰ্থব্যৱস্থাত মাধমাৰ পৰাৰ সমান্তৰালকৈ অৰ্থব্যৱস্থাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত একাংশ ব্যৱসায়ীলৈ ঘোৰ অমানিশা নামি আহিছে। দেশত তিনিমাহতকৈও অধিক সময় তলাবন্ধ চলি থকাৰ পাছত শেহতীয়াকৈ চৰকাৰে বহুপৰিমাণে তলাবন্ধ শিথিল কৰি তুলিলেও দেশত বৰ্তমানেও গ্ৰন্থমেলা, থিয়েটাৰ, বাণিজ্য মেলা আদি জনসমাগম হ’ব পৰা ব্যৱসায়সমূহ প্ৰচলনৰ অনুমতি দিব পৰা পৰিৱেশ ঘূৰি নহাৰ হেতু মেলাকেন্দ্ৰিক ব্যৱসায়ীসকলৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকল বিপাঙত পৰিছে।

এই সন্দৰ্ভত ৰাজ্যৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰী নিত্যাৰঞ্জন গোস্বামীয়ে কয় যে ৰাজ্যৰ প্ৰকাশন গোষ্ঠী সমুহৰ গৰিষ্ঠসংখ্যকে গ্ৰন্থমেলাৰ ওপৰত কম বেছি পৰিমানে নিৰ্ভৰশীল। বিগত তিনিমাহতকৈও অধিক সময় তলাবন্ধ হৈ পৰাৰ পাছত পৰৱৰ্তী সময়তো ৰাজ্যত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তা আহি পৰাত গ্ৰন্থমেলা কিম্বা বানিজ্য মেলা অনুষ্ঠিত হোৱাৰ আশা নাই। তেনেক্ষেত্ৰত প্ৰকাশন গোষ্ঠীসমূহৰ ব্যৱসায়ত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। মূলত গ্ৰন্থমেলাৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়ীসকলৰ অৰ্থনৈতিক দিশটোলৈ অনাগত দিনত অমানিশা নামি অহাৰ সম্ভাৱনীয়তাই ব্যৱসায়ীসকলক উদ্বিগ্ন কৰি তোলা বুলি জানিবলৈ দিয়ে গোস্বামীয়ে।

তাৰোপৰি এনে ব্যৱসায়িক মন্দাৱস্থাই প্ৰকাশকসমূহক নতুন গ্ৰন্থ প্ৰকাশ কৰাতো বাধাৰ সৃষ্টি কৰাত অনাগত দিনত ৰাজ্যত বৌদ্ধিক গতিশীলতাতো স্থবিৰতা অনাৰ আশংকা কৰে কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰীজনে। আনহাতে সাময়িক পৰিস্থিতিলৈ চাই ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে চিহ্নিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলো একপ্ৰকাৰৰ বিপাঙত পৰিছে।

প্ৰতিস্থিত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে “দৈনিক অগ্ৰদূত”ৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত দেশত অচিৰেই সুস্থিৰতা ঘূৰি অহাৰ আশা প্ৰকাশ কৰে যদিও আগন্তুক বৰ্ষৰ নাট্যৰম্ভক লৈ চিন্তিত হৈ পৰা বুলি জানিবলৈ দিয়ে। হেঙুলৰ প্ৰযোজক সংকল্পজিত হাজৰিকাই আগন্তুক বৰ্ষৰ বাবে আশাবাদী যদিও মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা বৰ্ষ ক্ষতিগ্ৰস্ত হৈ পৰিলে পৰৱৰ্তী সময়ত কেৱল এই উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ সহস্ৰাধিক শিল্পী কলাকুশলী, অনাগত সময়ত ক্ষতিগ্ৰস্ত হোৱাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে।

সুদৰ্শন থিয়েটাৰৰ প্ৰযোজক ক্ষীৰোদ খনিকৰে উদ্বিগ্নতাৰে কয় যে আগন্তুক বৰ্ষৰ বাবে কৰ’না মহামাৰীয়ে সৃষ্টি কৰা পৰিবেশে চলিত বৰ্ষত ভ্ৰাম্যমাণ উদ্যোগক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত অনাগত সময়ত চৰকাৰী পক্ষৰ হস্তক্ষেপ অবিহনে এই উদ্যোগটোক মসৃণতাৰে আগবঢ়াই নিয়া সম্ভৱ নহ’ব। সাম্প্ৰতিক সময়ত কৰোণা মহামাৰীৰ স’তে যুদ্ধ কৰাৰ হেতু সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ অতিকে প্ৰয়োজন। তেনেক্ষেত্ৰত সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত এক প্ৰকাৰৰ অনিশ্চয়তাত পৰা গ্ৰন্থমেলা, বাণিজ্য মেলা কিম্বা ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অনুষ্ঠানসমূহৰ স’তে জড়িত শিল্পী, কলা কুশলী কিম্বা ব্যৱসায়ীসকলে অনাগত সময়ত চৰকাৰী পক্ষৰ হস্তক্ষেপ কামনা কৰিছে।

Exit mobile version