মহানগৰীত আন এজন চিকিৎসক কৰ’নাত আক্ৰান্ত

coronavirus agencies 1

মহানগৰীত আন এজন চিকিৎসক পুনৰ কৰ’নাত আক্ৰান্ত হৈছে । আক্ৰান্ত চিকিৎসকজন মহানগৰৰীৰ আৰ্য হস্পাতালৰ ডাঃ বুলেন ফুকন। খ্ৰীষ্টানবস্তিৰ এটা এপাৰ্টমেন্টত বাস কৰিছিল চিকিৎসকজনে । ইফালে, মঙ্গলবাৰে পুৱা ৰাজ্যত পুনৰ ৫৯ জনৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি | এই পৰ্যন্ত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২৮৩৫ জনলৈ বৃদ্ধি | ইয়াৰে ২০৪৪ জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৭৮৪ জন সুস্থ আৰু চাৰিজনৰ মৃত্যু হৈছে |

উল্লেখ্য যে মঙ্গলবাৰে আক্ৰান্তৰ লোকসকলৰ ভিতৰত ১৪ জন ধেমাজিৰ, ১৩ জন দৰঙৰ, আঠজন নগাঁও, বিশ্বনাথ-শোণিতপুৰ ছজনকৈ, বৰপেটা পাঁচ, চিৰাং-ডিব্ৰুগড়ৰ পৃথকে পৃথকে দুজনৰ বিপৰীতে বঙাইগাওঁ, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰৰ এজন |

Exit mobile version