পাঁচ বছৰত গুজৰাটত সিংহৰ সংখ্যা ৬৭৪ লৈ বৃদ্ধি

Gir National Park

দেশৰ গুজৰাটত থকা গিৰ ৰাষ্ট্ৰীয় উদ্যানত যোৱা পাঁচ বছৰত সিংহৰ সংখ্যা বৃদ্ধি পালে ২৯ শতাংশ । ৰাজ্য চৰকাৰৰ এজন শীৰ্ষ বিষয়াই এই কথা প্ৰকাশ কৰি জনোৱা মতে “গিৰ ৰাষ্ট্ৰীয় উদ্যানত ২০১৫ ত ১০৯ টা সিংহ আছিল ৷ ২০২০ ত ৰাষ্ট্ৰীয় উদ্যানখনত সিংহৰ ১৫৯ লৈ বৃদ্ধি পায় । প্ৰত্যক পাঁচ বছৰৰ অন্তৰত সিংহৰ গণনা কৰা হয় ৷ বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, গুজৰাটত সিংহৰ সংখ্যা ক্ৰমশ বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ নতুন অঞ্চলটো সিংহই প্ৰবেশ কৰিছে । সিংহৰ উপস্থিতি এতিয়া সৌৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলসমূহৰ আশে পাশে প্ৰত্যক্ষ হৈছে আৰু তাতে সিংহই প্ৰব্ৰজন কৰিছে ।

কিছু সিংহই ৰাজকোট, জামনগৰ ৰাজপথতো বিচৰণ কৰাৰ লগতে উপকূলৰ বিশাল তৃণমূলীয় অঞ্চলত নিজৰ ৰাজত্ব স্থাপন কৰিছে । যোৱা পাঁচ ছয় জুনত ৰাজ্যখনত সিংহৰ গণনা সম্পূৰ্ণ কৰা হৈছিল । বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, ৰাজ্যখনত সিংহৰ মুঠ সংখ্যা ৬৭৪ লৈ বৃদ্ধি পাইছে  ৷ ২০১৫ ত গুজৰাটত ৫২৩ টা সিংহ আছিল ৷ ইয়াৰে ১৫৯ টা পুৰুষ প্ৰজাতি, ২৬২ টা স্ত্ৰী প্ৰজাতিৰ আৰু ১৩৮ টা পোৱালি আছিল ৷ ইয়াৰ পূৰ্বে ২০১৮ ৰ ২১ ছেপ্তেম্বৰত প্ৰজাতিৰ আৰু ১৩৮ টা পোৱালি আছিল ৷ ইয়াৰ পূৰ্বে ২০১৮ ৰ ২১ ছেপ্তেম্বৰত গিৰ ৰাষ্ট্ৰীয় উদ্যানত ১১ টা সিংহৰ মৃত্যু হৈছিল ৷

Exit mobile version