বাক্সা জিলাৰ গোৰেশ্বৰত নতুনকৈ ৬ জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ ৰোগী । ইয়াৰে পুখুৰীপাৰ, বৰপথাৰ, ঔগুৰি, উপৰখুটি গাওঁত ১জনকৈ আৰু নিজ বেতনাত দুজন ৰোগী চিনাক্ত হৈছে । আটাইকেইজন কমিউনিটি কোৱাৰেন্টাইন আৰু হোম কোৱাৰেন্টাইনত আছিল । স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ দ্বাৰা বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে আটাইকেইজনক । আক্ৰান্ত কেইজন ক্ৰমে বৰপথাৰৰ দীপজ্যোতি শৰণীয়া (১৯), পুখুৰীপাৰ গাওঁৰ পূৰ্ণ বড়ো (৪০), ঔগুৰি গাওঁৰ দিদম বড়ো (১৯), নিজবেতনাৰ দৈমু বড়ো (২১) আৰু কমিন বড়ো (২০) আৰু উপৰখুটি গাওঁৰ দীলিপ নেওপানী (৪২)। ইয়াৰে নিজ বেতনাত প্ৰাথমিক বিদ্যালয়ত গাওঁবাসীয়ে স্থাপন কৰা কোৱাৰাইন্টাইন কেন্দ্ৰত বৰ্তমান ১০ জন লোকক একেলগে ৰখাত পুনৰ সামাজিক সংক্ৰমণ হোৱাৰ সম্ভাৱনাই আতংকৰ সৃষ্টি কৰিছে।