অসম সীমান্তৱৰ্তী বংগৰ দুই জিলা আলিপুৰ কোচবিহাৰৰ পৰা প্ৰতিদিনে শতাধিক লোকৰ আগমণ

covid india

সমগ্ৰ দেশৰ লগতে অসমতো কৰ’না ভাইৰাছ সম্প্ৰতি গণ সংক্ৰমণৰ পৰ্যায়লৈ গতি লোৱাৰ উপক্ৰম হৈছে ।ফলত ৰাজ্যখনত দিনে দিনে সংক্ৰমিত লোকৰ সংখ্যা বাধাহীন গতিত বৃদ্ধি পোৱাত জনসাধাৰন শংকিত হৈ পৰাৰ লগতে চিন্তিত হৈ পৰিছে প্ৰশাসন আৰু চিকিৎসা বিভাগ ৷এই শংকাৰ মাজতে ৰাজ্যখনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ দুখনকৈ জিলা ক্ৰমে আলিপুৰ দুৱাৰ আৰু কোচবিহাৰে ।সম্প্ৰতি বংগৰ এই দুই জিলাত ক’ভিড১৯ৰ সম্প্ৰসাৰণ দ্ৰুত গতিত বৃদ্ধি পাইছে।

বিশেষকৈ তলাবন্ধ শিথিল কৰাৰ পিছতো বংগৰ কলকাতাত সংক্ৰমিত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে উক্ত জিলাত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ইয়াৰে ৯৪ জন লোক আৰোগ্য লাভ কৰিছে আৰু ১৩১ গৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ।একেদৰে আলিপুৰদুৱাৰ জিলাতো এতিয়ালৈকে ৪৬ গৰাকী লোক আক্ৰান্ত হৈছে ।

ইয়াৰে ১৫ গৰাকী লোক সুস্থ হৈছে আৰু ৩১ জন চিকিৎসাধীন হৈ আছে ৷এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে দুয়োখন জিলা সম্প্ৰতি অতি স্পৰ্শকাতৰ হৈ পৰিছে ৷ প্ৰতিদিনে শতাধিক বাহনেৰে বাধাহীনভাৱে উক্ত সামগ্ৰীসমূহ অসমত প্ৰবেশ কৰে আৰু বাহনৰ চালকসকলে বিভিন্ন অঞ্চলত উপস্থিত হৈ সামগ্ৰীসমূহ হস্তান্তৰ কৰে ৷

দুয়ো ৰাজ্যৰ সীমাত পৰ্যাপ্ত স্বাস্থ্য পৰীক্ষা নোহোৱাকৈ চালকসকলে অসমত প্ৰবেশ কৰি আছে ৷ বংগৰ স্পৰ্শকাতৰ জিলা দুখনৰ পৰা মুক্তভাৱে অহা লোকসকলে যিকোনো সময়তে কোকৰাঝাৰ জিলাত গন সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে এই সংক্ৰমণ বিয়পি পৰিব পাৰে ৷গতিকে এনে পৰিস্থিতিত অসম তথা অসমৰ লোকৰ সুৰক্ষা স্বাৰ্থত বংগ সীমান্তয়েদি অহা প্ৰতি গৰাকী লোকক পৰ্যাপ্ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

Exit mobile version