দুষ্কৃতিকাৰীয়ে ওভতাই দিলে লুট কৰা সামগ্ৰী

IMG 20200619 222132

চি চি টিভিৰ কেমেৰাৰ মাধ্যমত দুষ্কৃতিকাৰীৰ ধন -সোণ লুটৰ বহু ঘটনাই পোহৰলৈ আহিছে ; কিন্ত এনে লুট কাৰ্যৰ এটি ভিডিঅ’ আহিছে য’ত চোৰে লুট কৰা সামগ্ৰী ওভটাই দিয়াও দেখিবলৈ পোৱা গৈছে । ঘটনাটো সংঘটিত হৈছে পাকিস্তানৰ কৰাচীত ।ভিডিঅ’টোত চোৰে এজন ‘ডেলিভাৰি বয়’ৰ পৰা কিছু সামগ্রী লুট কৰে যদিও ডেলিভাৰি বয়জনৰ চকুত পানী দেখাৰ পাছত মন কোমল হৈ পৰে চোৰৰ । আৰু অৱশেষত ডেলিভাৰি বয়জনক ওভতাই দিয়ে লুট কৰা সামগ্ৰী । কেৱল ইমানেই নহয়, ডেলিভাৰি বয় জনক সান্ত্বনা দিবলৈ গৈ সাৱটিও ধৰে চোৰে । পাকিস্তানৰ ৰাজপথত সংঘটিত হোৱা এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ৰাজপথত থকা এটি চি চি কেমেৰাত আবদ্ধ হয় ঘটনাটো ।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে পথৰ কাষৰে এটা ঘৰত কিছু সামগ্ৰী দি উভতি আহিছে ডেলিভাৰি বয়জন ।নিজৰ মটৰ চাইকেলখনৰ ওচৰত কিছু সময়ৰ বাবে ৰৈ আছে ডেলিভাৰি বয়জন।সেই সময়ত তাত আহি উপস্থিত হয় আন এখন মটৰ চাইকেল। মটৰ চাইকেলখনত আছিল দুজন লোক ।মটৰ চাইকেল চালকৰ পাছৰ আসনত বহি থকাজনে উঠি গৈ ৰৈ ডেলিভাৰি বয়জনৰ কাষত ।ডেলিভাৰি বয় জনে কয় কিছু কথা । ডেলিভাৰি বয়জনে নিজ হাতত থকা সামগ্ৰী লোকজনৰ হাতত তুলি দিয়ে । সমান্তৰালভাৱে পুনৰ দুয়োজনৰ মাজত কিছু কথা-বাৰ্তাও হয় ।

ইয়াৰ পাছতে হঠাৎ ডেলিভাৰি বয়জনক ইতিমধ্যে লোৱা সামগ্ৰী ওভতাই দিয়ে লোকজনে । ক্ষন্তেকতে লোকজনে মটৰ চাইকেলখনত উঠি সেই স্থানৰ পৰা পলায়নো কৰে; কিন্ত তাৰ পূৰ্বে ডেলিভাৰি বয়জনক আহি এবাৰ সাৱটি ধৰে । লগে লগে ডেলিভাৰি বয়জনক চকুৰ পানী পিন্ধি থকা চাৰ্টৰ হাতেৰে মচা দেখিবলৈ পোৱা যায় । চোৰে হাতত থকা সামগ্ৰী লৈ যোৱাৰ সময়ত কান্দোনত ভাঙি পৰে ডেলিভাৰি বয়জন।নিজৰ দুৰাৱস্থাৰ কথাও কয় চোৰক।তাৰ পাছতে চোৰে সামগ্ৰী ওভতাই দি আঁতৰি যায় সেই স্থানৰ পৰা । আৰক্ষীয়ে সম্প্ৰতি চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।

Exit mobile version