পূব লাডাখৰ ভাৰতীয় ভূখণ্ডত চীনা সেনাৰ অনুপ্ৰৱেশ ঘটা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰাৰ পাচতে প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰকৃততে যোৱা ১৫ জুনৰ নিশা কি হৈছিল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে চীনক দোষমুক্ত কৰা বুলি বিভিন্ন মহল সমালোচনাৰ সৰৱ হৈ উঠাৰ পাছতে চৰকাৰৰ তৰফৰ পৰা এক বিবৃতি প্ৰকাশ কৰা হয় ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মোদীৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়াই প্ৰকাশ কৰা বিবৃত্তিত কোৱা হয় যে শুক্ৰবাৰৰ সৰ্বদলীয় বৈঠকত ১৫ জুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ কাৰণ হৈছে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সংলগ্নভাৱে নিৰ্মাণ কৰিবলৈ চেষ্টা চলোৱাটো । তদুপৰি ভাৰতীয় সেনাৰ বাধা সত্ত্বেও সেই কাৰ্যৰ পৰা বিৰত থকা নাছিল ৷ মোদীয়ে কয় কোনেও ভাৰতীয় ভূমিত প্ৰবেশ কৰা নাই অথবা কোনো সামাৰিক চকী দখল কৰা নাই ৷ সৰ্বদলীয় বৈঠকত এই কথাও জনোৱা হৈছে যে এইবাৰ চীনা বাহিনীয়ে বহু বেছি সৈন্যবল সহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ আহে। আৰু ভাৰতীয় সৈন্যই তাৰ সমানুপাতিক সহাঁৰি দিয়ে ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘনৰ ক্ষেত্ৰত এই কথা স্পষ্টকৈ কোৱা হৈছে যোৱা ১৫ জুনত গালৱানত হিংসাত্মক ঘটনাৰ সৃষ্টি হোৱাৰ কাৰণ হৈছে চীনা পক্ষই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা লগতে নিৰ্মাণ কাৰ্য কৰিব বিচাৰিচিল আৰু আঁতৰি যোৱা নাছিল । কিছুমান মানুহে প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ হানিকাৰক ব্যাখ্যা দিবলৈ চেষ্টা চলাইছে ৷
প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘণৰ কাৰণে চলোৱা যিকোনো প্ৰচেষ্টাক ভাৰতে কঠোৰভাৱে মোকাবিলা কৰিব। তেওঁ নিৰ্দিষ্টভাৱে গুৰুত্ব আৰোপ কৰিছে যে এনে প্ৰত্যাহ্বানৰ প্ৰতি পূৰ্বৰ অৱহেলাৰ বিপৰীতে ভাৰতীয় সেনা বাহিনীয়ে এতিয়া এল চিৰ যিকোনো ধৰণৰ উলংঘনৰ প্ৰতিৰোধ কৰে ৷ বিবৃতিত এইদৰে কয় ৷ অৱশ্যে চৰকাৰে এইদৰে বিবৃতি দাঙি ধৰিলেও দেশৰ শীৰ্ষ নেতৃত্বৰ স’তে হোৱা বৈঠকত মোদীয়ে কৈছিল “তাত আমাৰ সীমাত কোনেও অনুপ্ৰৱেশ কৰা নাই অথবা এতিয়া তাত কোনো সোমাই থকা নাই ৷ অথবা আমাৰ সামৰিক চকী কাৰো দখলত নাই ৷ লাডাখত আমাৰ ২০ জন জোৱান শ্বহীদ হ’ল, কিন্তু তেওঁলোকে ভাৰতমাতালৈ চকু দিয়াসকলক এটা শিক্ষা দিলে ৷”