অহা ২৫ জুনৰ পুৱা ন বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা,বিজ্ঞান,বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৷ ১৪ টা ৱেবছাইটত চাব পাৰিব পৰীক্ষাৰ ফলাফল ৷ সেইকেইটা হ’লঃ
www.ahsec.nic.in,www.assamresult.in,www.schools9.com,www.results.shiksha,www.newsnation.in,www.newsstate.com,www.indiaresult.com,www.results.net,www.EduAssam.com,www.vidyavision.com,wwe.exametc.com,www.assamresult.co.in.
ছাত্ৰছাত্ৰীয়ে ৰোল আৰু নম্বৰ টাইপ কৰি ইয়াৰ যিকোনো এটা ৱেবছাইটৰ পৰা ফলাফল সংগ্ৰহ কৰিব পাৰিব। ৱেবছাইটসমূহত ডিজিটেল মাৰ্কশ্বিট আপলোড কৰা হ’ব ৷ আৰু ডাউনলোড কৰাৰ সুবিধা থাকিব । উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে ৷ ইয়াৰোপৰি মহাবিদ্যালয়,উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহলৈও একে সময়তে ই মেইল যোগে ফলাফল প্ৰেৰণ কৰা হ’ব ৷
ফলাফল ঘোষণাৰ পিছত যিমানদূৰ সম্ভৱ শীঘ্ৰে মাৰ্কশ্বিটৰ প্ৰকৃত প্ৰতিলিপি সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সামাজিক দূৰত্ব লংঘণ নকৰাকৈ মাৰ্কশ্বিটসমূহ বিতৰণৰ বাবে উদ্যোগ ল’বলৈ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।