প্ৰবল ইচ্ছাশক্তি থাকিলে আৰ্থিক দৈন্যতা সফলতাৰ অন্তৰায় হ’ব নোৱাৰে

Screenshot 20200625 170724

মনত প্ৰবল কিবা ভাল কৰাৰ ইচ্ছা আৰু ত্যাগ তথা নিষ্ঠা থাকিলে জীৱনত যিকোনো কামত যে সফলতা লাভ কৰিবলৈ আৰ্থিক দৈন্যতা কোনো অন্তৰায় নহয় সেয়া প্ৰমাণ কৰি দেখুৱালে সৰুপথাৰৰ এগৰাকী ছাত্ৰ মহিম আলি মজুমদাৰে৷ মহিমৰ পিতৃয়ে পৰিয়ালক পোহ-পাল দিবলৈ অট’ চলাই ৷ স্বাভাৱিকতে মহিমৰ পৰিয়ালত পৰ্যাপ্ত সুবিধাৰ অভাৱ আছিল । সকলো অসুবিধাক নিজৰ পৰিশ্ৰম আৰু গভীৰ আত্ম প্ৰত্যয়েৰে সুবিধাত ৰূপান্তৰ কৰি মহিম আলিয়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ (বাণিজ্য শাখাত) বৰপথাৰ অঞ্জলি বৰবৰা মে’মৰিয়েল একাডেমীৰ পৰা প্ৰতিটো বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৮৬ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ নিবাসী মেধাসম্পন্ন ছাত্ৰ মহিম আলি মজুমদাৰৰ পিতৃ মহৰম আলি মজুমদাৰ অট’ চালকৰ কাম কৰাৰ বিপৰীতে মাতৃ মিনা বেগম এগৰাকী গৃহিনী | পিতৃ মহৰম আলিয়ে অ’ট চলাই বহু দুখ কষ্টৰ মাজেৰে পৰিয়ালক পোহপাল দি আহিছে ৷ স্বাভাৱিকতে নিজ পুত্ৰৰ ভাল ফলাফলত উৎফুল্লিত আজি পিতৃ মাতৃ ৷ জানিব পৰা মতে দৈনিক ১০ -১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল মহিম আলিয়ে ৷ ভৱিষ্যতে এগৰাকী চাৰ্টটাৰ্ড একাউন্টটেণ্ট ( CA) হোৱাৰ সপোন লৈ আগুৱাই যোৱাৰ ইচ্ছা মহিম আলি মজুমদাৰৰ। এই গৰাকী অভাৱী ছাত্রৰ সপোন বাস্তৱ হোৱাৰ সকলোৱেই কামনা কৰিছে ।

Exit mobile version