বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত আৰক্ষীয়ে তীব্ৰ গতিৰে তদন্ত আৰম্ভ কৰিছে । এইবাৰ আৰক্ষীৰ চকু পৰিছে সুশান্তৰ টুইটাৰ একাউণ্টত । নিজৰ একাউণ্টৰ পৰা সুশান্তে কেইটামান প’ষ্ট ডিলিট কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । কাৰণ সুশান্তে ২০১৯ ৰ ২৭ ডিচেম্বৰত শেষ বাৰৰ কাৰণে টুইট কৰিছিল । সেইটো আছিল মাষ্টাৰকাৰ্ড ইণ্ডিয়াৰ এটা বিজ্ঞাপন । ইয়াৰ পিছত সুশান্তে আৰু কোনো টুইট কৰা নাই ।
ইফালে ২০১৯ ৰ ২৭ ডিচেম্বৰৰ আগত এনেধৰণৰ কেতিয়াও হোৱা নাই যে সুশান্ত দীঘলীয়া সময়ৰ কাৰণে ছ’চিয়েল মিডিয়াৰ পৰা দূৰত আছে ৷ পিংকভিলা নামৰ এটা সংবাদমাধ্যমৰ অনুসৰি মুম্বাই পুলিছে টুইটাৰক এখন পত্ৰ প্ৰেৰণ কৰি সুশান্ত সিং ৰাজপুতৰ টুইটাৰৰ বিগত ৬ মাহৰ তথ্য বিচাৰিছে । ইয়াৰ দ্বাৰা প্ৰমাণ হ’ব সচাকৈয়ে সুশান্ত এক দীঘলীয়া সময়ৰ কাৰণে টুইট কৰা নাছিল নেকি ? অথবা টুইটবোৰ ডিলিট কৰি দিছিল সুশান্তই । যদি সুশান্তই টুইট ডিলিট কৰিছিল ৷ তেন্তে সেই টুইটবোৰত কি আছিল? য’ত সুশান্তই বিগত ৬ মাহৰ টুইট ডিলিট কৰিবলৈ বাধ্য হৈছিল ৷
টুইটাৰৰ দৰে ফেচবুকতো সুশান্তে শেষ বাৰৰ কাৰণে প’ষ্ট দিছিল ২০১৯ চনৰ ২৭ ডিচেম্বৰত ৷ অৱশ্যে সুশান্তৰ আত্মহত্যাৰ পিছত প’ষ্ট দি আছে তেওঁৰ টিমে ৷ আনহাতে ইনষ্টাগ্ৰামত সুশান্ত আত্মহত্যা কৰা ১১ দিন পূৰ্বে মাতৃক স্মৰণ কৰি এটা প’ষ্ট দিছিল । উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতে ১৪ জুনত আত্মহত্যা কৰিছিল ৷ বুধবাৰে পোৱা সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ ফাইনেল ৰিপৰ্টৰ অনুসৰি ডিঙিত ফাঁচী লগোৱাৰ কাৰণে উশাহ নিশাহ বন্ধ হৈ মৃত্যু হয় সুশান্তৰ। অৱশ্যে এতিয়াও সুশান্তৰ ফৰেনছিক ৰিপৰ্ট আহিবলৈ বাকী আছে ৷ ইপিনে এতিয়ালৈকে সুশান্তৰ মৃত্যু সন্দৰ্ভত প্ৰায় ২৩ জন লোকৰ জেৰা কৰিছে ৷ সম্প্ৰতি সুশান্তে ন্যায় পাওক বুলি আশা কৰিছে সকলো অনুৰাগীয়ে ৷