কাৰ্বি আংলঙৰ চকীহোলা আৰক্ষী আৰু সেনাৰ এক যুটীয়া অভিযানত চকীহোলা থানাৰ অন্তৰ্গত ডেংগাৰ পৰা কাৰ্বি উগ্ৰপন্থী সংগঠন পিপলছ ডেমক্ৰেটিক ছলিডাৰিটি অৱ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ এজন চাৰ্জেণ্ট মেজৰক বিস্ফোৰক সহ আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চাৰ্জেণ্ট মেজৰ জনৰ নাম হ’ল ব’নেট টেৰণ ৷ এক গোপন সূত্ৰৰ ভিত্তিত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত চলা এই অভিযানত হস্তনিৰ্মিত কে’বাটাও বোমা উদ্ধাৰ কৰাৰ লগতে বেটাৰী, ৰিমোট তথা অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ৷ হস্তনিৰ্মিত এই বোমা কেইটা আই.ই.ডি বুলি বিশেষ সূত্ৰে প্ৰকাশ ৷ এই পর্যন্ত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে৷
কাৰ্বি আংলঙৰ চকীহোলাত বিস্ফোৰক সামগ্ৰীসহ পি.ডি.চি.কে.ৰ চাৰ্জেণ্ট মেজৰ আটক
-
By publisher

- Categories: Assam, News
- Tags: AssamKARBI ANGLONG
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026