মহানগৰীত কৰ’না সংক্ৰমণৰ ঘটনাৰ সমান্তৰালকৈ ধাৰাবাহিকভাৱে সংঘটিত হে আছে ভূমিস্খলনৰ দৰে ঘটনা। যাৰ বাবে দুদিন পূৰ্বে এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷সম্প্ৰতি মহানগৰীৰ নুনমাটিত বহুকেইটা ঠাইত কম বেছি পৰিমাণে সংঘটিত হৈ আছে ভূমিস্খলনৰ দৰে ঘটনা ।যাৰ ফলত অঞ্চলটোত যাতায়তত ব্যাহত হৈ পৰিছে ।
উল্লেখযোগ্য যে বৃহত্তৰ নুনমাটি অঞ্চলৰ বাপুজী নগৰ,পূৰ্ণ নগৰত ভূমিস্খলন সংঘটিত হৈছে ৷অৱশ্যে এই মুহুৰ্ত্তলৈ কোনো লোক হতাহত হোৱা নাই যদিও পাহাৰৰ মাটি খহি আহি বাপুজী নগৰ ৰাধাকৃষ্ণ মন্দিৰৰ সংযোগী পথটো পুতি পেলাই। যাৰ ফলত উক্ত পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে ৷ইফালে পূৰ্ণ নগৰতো পাহাৰ খহি পথত বাগৰি পৰাৰ ফলত অঞ্চলটোত যাতায়ত ব্যাহত হৈছে ৷
ইফালে পাহাৰৰ পানী বাগৰি অহাৰ ফলত ভবানীপুৰ চকতো প্ৰায় বোকাময় হৈ পৰাত অঞ্চলবাসী দুৰ্ভোগ ভূগিব লগা হৈছে ৷আনহাতে নেপালী চ’ক এজাক বৰষুণতে বোকাময় হৈ পৰাত যাত্ৰীসকলে যমৰ যাতনা ভূগিছে। প্ৰবল বৃষ্টিপাতৰ কাৰণে ভূমিস্খলনৰ ঘটনা হৈছে যদিও হতাহতৰ সংখ্যা শূন্য বুলি জানিব পৰা গৈছে।