বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মুক্তিৰ অপেক্ষাত থকা ছবি “দিল বেছাৰা”ৰ অভিনেত্ৰী সঞ্জনা সাংঘীয়ে বুধবাৰে চিৰদিনৰ কাৰণে মায়ানগৰী মুম্বাইৰ পৰা বিদায় লোৱাৰ ইংগিত প্ৰদান কৰে ৷ লগতে অভিনেত্ৰী গৰাকীয়ে ইংগিতেৰে বুজাই থৈ গ’ল যে মুম্বাইলৈ সঞ্জনা যেন কেতিয়াও উভতি নাহে ৷ মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ ছ’চিয়েল মিডিয়াত মুম্বাইৰ বিষয়ে নিজৰ মনোভাৱ লিখি সঞ্জনাই কয় “মই মুম্বাইৰ বিষয়ে যি শুনিছিলো মায়ানগৰী ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷” সঞ্জনাই বুধবাৰে ইনষ্টাগ্ৰামত মুম্বাইক উদ্দেশ্য কৰি এটি আৱেগিক প’ষ্ট শ্বেয়াৰ কৰে ৷ সঞ্জনাই লিখে “প্ৰণাম মুম্বাই । চাৰি মাহৰ পিছত তোমাক দেখিলো ৷ মই পুনৰ দিল্লীলৈ যাঁওগৈ ৷ তোমাৰ পথটো ব্যতিক্ৰম ৷ নিৰৱতাৰে ভৰা ৷ মোৰ মনৰ দুখে মোৰ দৃষ্টিভংগীক সলনি কৰিছে ৷ তুমিও চাগে এতিয়া অলপ দুখতেই আছে ৷ আকৌ লগ পাম ৷ অতি সোনকালে বা কেতিয়াও লগ নাপাম ৷”
উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত বান্দ্ৰা আৰক্ষীয়ে মংগলবাৰে সঞ্জনা সাংঘীক প্ৰায় ৭ ঘন্টা জেৰা কৰিছিল ।আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক সোমবাৰে ন’টিছ দিছিল যদিও দিল্লীত থকাৰ কাৰণে তেওঁ মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত উপস্থিত হ’ব পৰা নাছিল ৷ আনহাতে ২০১৮ ত সুশান্ত সিং ৰাজপুতৰ ওপৰত “মী টু”ৰ অভিযোগ আৰোপ কৰিছিল সঞ্জনাই । অৱশ্যে পিছত সুশান্তে সঞ্জনাৰ এই অভিযোগ খণ্ডন কৰে আৰু দুয়োৰে মাজত থকা বন্ধুত্বৰ এখন ফ’টো শ্বেয়াৰ কৰে। পিছত সঞ্জনাও সুশান্তৰ ওপৰত অভিযোগ কৰা নাই বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। গতিকে সম্প্ৰতি মুম্বাইৰ আৰক্ষীয়ে সঞ্জনাক কৰা জেৰাই বিশেষ চৰ্চা লাভ কৰিছে ।
ইপিনে সঞ্জনাই দেওবাৰে ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰি “দিল বেচাৰা” ছবিখনক ডিজিটেল প্লেটফৰ্মত মুক্তি দিয়াক লৈ কোনো বিতৰ্ক নকৰিবলৈ আহ্বান কৰে ৷ সঞ্জনাই কয় “সুশান্তক আকৌ এবাৰ স্কীনত চাবলৈ মই বৰ আশাৰে বাট চাই আছো ৷ ছবিখনৰ প্ৰত্যেকজন কলা কুশলীয়ে প্ৰায় ডেৰ বছৰ বহুত কষ্ট কৰিছে ৷ আমি আশা কৰিছো যাতে আপোনালোকে ছবিখন আদৰি লয় ৷” ১৪ জুনত আত্মহত্যা কৰা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি দিল বেছাৰা ২৪ জুলাইত অ’টীটী প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব ৷ ২৩ বছৰীয়া সঞ্জনাৰ এইখন প্ৰথম বলীউডৰ ছবি ৷ ছবিখনৰ পৰিচালক মুকেশ চাব্ৰা ৷