অৱশেষত নিষিদ্ধ হ’ল পাবজী

pubg

সকলো উৎকণ্ঠাৰ অন্ত পেলাই নিষিদ্ধ হ’ল চৰ্চিত গেম পাবজী ৷কিন্তু ৰ’ব,যুৱক যুৱতীৰ লগতে বিভিন্ন লোকৰ মাজত জনপ্ৰিয় পাবজী ভাৰতত নিষিদ্ধ হোৱা নাই ৷ অনলাইন এই জনপ্ৰিয় গেম বিধৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে। দেশখনৰ টেলি কমিউনিকেশ্যন অৰ্থৰিটীয়ে টুইটাৰত এই বিষয়ৰ সন্দৰ্ভত ব্যক্ত কৰে যে বিগত সময়ত পাবজীৰ বিৰুদ্ধে অভিযোগ কৰিছিল বহুজনে।

এই গেমবিধে সময়ৰ অপব্যৱহাৰ কৰে ।লগতে পাবজি গেম খেলা ব্যক্তিজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত যথেষ্ট বেয়াকৈ প্ৰভাৱ পেলায়। আনহাতে লাহোৰ উচ্চ ন্যায়ালয়ে এই বিষয়ৰ সন্দৰ্ভত অহা ৯ জুলাইত শুনানি গ্ৰহণ কৰিব ৷উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত ৩.৪২ কোটি লোকে পাবজী খেলি আহিছে।

Exit mobile version