এইবাৰ বান্দ্ৰা আৰক্ষীৰ জেৰাৰ সন্মুখীন কংগনা ৰানাউটঃ কিন্তু কিয়?

Kangana Ranaut IE 660

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ ফাইনেল ৰিপৰ্টত অভিনেতাজনৰ মৃত্যুৰ সন্দৰ্ভত স্পষ্টীকৰণ দিলেও কিন্তু আৰক্ষীৰ তদন্ত অব্যাহত আছে । ইতিমধ্যে আৰক্ষীয়ে শেখৰ কাপুৰক জেৰা কৰাৰ পিছতেই প্ৰযোজক, পৰিচালক সঞ্জয় লীলা ভাঞ্চালী আৰু কংগনা ৰানাউটকো বান্দ্ৰা আৰক্ষীয়ে জেৰা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ কাৰণ বিহাৰত সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত এজাহাৰ দাখিল কৰা সকলৰ ভিতৰত সঞ্জয় লীলা ভাঞ্চালীও অন্যতম আছিল । এক বিশেষ সূত্ৰৰ মত অনুসৰি সুশান্তক প্ৰথমতে “গোলিয়ো কে ৰাসলীলা, ৰামলীলা”ত অভিনয়ৰ কাৰণে প্ৰস্তাৱ আহিছিল । কিন্তু ছবিখন দৃশ্য গ্ৰহণ কৰাৰ আগমূহূৰ্তত সুশান্তৰ পৰা ছবিখন লৈ লোৱা হয়।

এই সন্দৰ্ভতে ভাঞ্চালীৰ লগত আৰক্ষীয়ে মতবিনিময় কৰিব ৷ উল্লেখযোগ্য যে সুশান্তে বলীউডৰ বহু নামী দামী প্ৰজেক্ট নিপ’টিজমৰ কাৰণে হেৰুৱাইছিল ৷ ইফালে সুশান্তৰ আত্মহত্যাৰ লগত শেখৰ কাপুৰ আৰু কংগনাৰ কোনো সম্পৰ্ক নাছিল । কিন্তু এই দুয়োজনেই সুশান্তৰ বলীউডত কৰা বহু ষ্ট্ৰাগ’ল কথা শ্বেয়াৰ কৰি আছিল ছ’চিয়েল মিডিয়াত ৷ কংগনাই বলীউডত চলি অহা নিপ’টিজমৰ বিৰুদ্ধে বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ সেয়েহে আৰক্ষীয়ে দুয়োজনকে তদন্ত কৰিব । ইফালে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে ১৪ জুনত আত্মহত্যা কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ৩০ জনক জেৰা কৰিছে।

Exit mobile version