যদি আপুনি কৰ’নাত আক্ৰান্ত হয় তেনেহ’লে লাভ কৰিব তিনি হেজাৰ ডলাৰ । এই প্ৰস্তাৱ আগবঢ়াইছে মধ্য এছিয়াৰ দেশ উজবেকিস্তানে । পৰ্যটকক আকৰ্ষণীয় কৰিবলৈ এই লোভনীয় প্ৰস্তাৱ দেশখনৰ পৰ্যটন বিভাগৰ। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰভাৱত বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰে পৰ্যটন ক্ষেত্ৰ প্ৰভাৱিত হৈছে। বহু দেশত পৰ্যটন ক্ষেত্ৰত আৰোপ কৰা হৈছে বিভিন্ন বাধা-নিষেধ; কিন্ত ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে উজবেকিস্তানে । দেশখনলৈ ফুৰিবলৈ অহা পৰ্যটকে এতিয়া লাভ কৰিব এই বৃহৎ পৰিমাণৰ ধনৰাশি। অৱশ্যে সকলো পৰ্যটকে এই ধন লাভ নকৰে ।
কৰ’নাত আক্ৰান্ত হোৱা সকলেহে চিকিৎসাৰ বাবে এই ধন লাভ কৰিব । কৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত উজবেকিস্তানতো তলাবন্ধ ঘোষণা কৰা হৈছিল । শেহতীয়াকৈ দেশ খনত তলাবন্ধ প্রত্যাহাৰ কৰা হৈছে । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশখনৰ পৰ্যটন ক্ষেত্ৰ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে । সেয়েহে পৰ্যটন ক্ষেত্ৰত সতৰ্কতা সহকাৰে দেশখনলৈ পুনৰ পৰ্যটক অহাটো বিচাৰে উজবেকিস্তান চৰকাৰে । প্ৰশাসনৰ তৰফৰ পৰা পৰ্যটকসকলক সকলো ধৰণে সহায়-সহযোগ আগবঢ়াব দেশখনৰ চৰকাৰে । ভ্ৰমণলৈ আহি কৰ’নাত আক্ৰান্ত হ’লে তেনে পৰ্যটকৰ ক্ষেত্ৰত চিকিৎসাৰ সকলো ধৰণৰ ব্যয় চৰকাৰে গ্ৰহণ কৰিব।