ইতিহাস সাক্ষী আছে বিস্তাৰবাদী নীতি প্ৰশ্ৰয় দিয়া সকল বিশ্বৰ পৰা নিশ্চহ্ন হৈ গৈছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি পুৱা গালৱান সংঘৰ্ষৰ ১৮ দিনৰ পিছত হঠাতে উপস্থিত হ’লগৈ লাডাখত ৷উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ নাম নোলোৱাকৈয়ে কয় যে বিস্তাৰবাদ নীতিয়ে সমগ্ৰ মানব জাতিক ধ্বংস কৰিলে ৷ইতিহাস সাক্ষী আছে যে এনে ধৰণৰ নীতি সৰ্বশেষত নিশ্চহ্ন হৈ যায় ।মোদীয়ে লাডাখত উপস্থিত হৈ জোৱানসকলৰ লগত মতবিনিময় কৰে লগতে আহতসকলৰ স্বাস্থ্যৰ খবৰ লয়।

ইফালে লাডাখ চীন সীমান্তত থকা জোৱানসকলৰ লগত মোদীয়ে মত বিনিময় কৰি কয় “আপোনালোকৰ সাহস অতুলনীয়৷ আপোনালোকৰ ধৈৰ্য্য আৰু দেশৰ প্ৰতি থকা ভক্তি কোনো গুণে কম নহয়। এনেধৰণৰ এক কঠিন পৰিস্থিতিৰ মাজত থাকিও আপোনালোকে যি দৰে দেশ মাতৃৰ সেৱাত নিমগ্ন হৈ আছে সেয়া প্ৰশংসনীয় ৷আপোনালোকৰ মাজত আহি মোৰ অনুভৱ হৈছে যে আপোনালোকৰ ইচ্ছা শক্তি পৰ্বতৰ দৰে ওখ৷আত্মনিৰ্ভৰশীল ভাৰতৰ সংকল্প আপোনালোকৰ কাৰণেই সবল হয় ৷সম্প্ৰতি আপুনি আৰু আপোনালোকৰ সহকৰ্মীসকলে যি সাহস দেখুৱালে তাৰ পৰা ভাৰত কিমান শক্তিশালী সেয়া বিশ্ব বাসীয়ে জানিব পাৰিছে।”

লগতে মোডীয় কয়” ভাৰতৰ ওপৰত কৰা প্ৰত্যেকটো আক্ৰমণে ভাৰতক শক্তিশালী কৰিছে। বিশ্বৰ লগতে দেশৰ উন্নতিৰ কাৰণে শান্তি সকলোৱে বিছাৰে ৷সাহস শান্তিৰ এটা চৰ্ত ৷ভাৰতত আজি জল,স্থল আৰু বায়ু সেনা বাহিনীৰ শক্তি বৃদ্ধি পাইছে ৷এইয়া মানৱ কল্যানৰ ইংগিত ৷বিশ্ব যুদ্ধই হওক বা বিশ্ব শান্তি হওক আমাৰ জোৱানসকলৰ পৰাক্ৰমক বিশ্বই লক্ষ্য কৰিছে ৷আমি সদায় মানৱতা ৰক্ষাৰ কাৰণে কাম কৰিছো ।সম্প্ৰতি সমগ্ৰ বিশ্ব বিস্তাৰবাদৰ বিপৰীতে বিকাশবাদ নীতিৰ ওপৰত বিশ্বাসী ।বিস্তাৰবাদ নীতিয়ে মানৱ জাতিক ধৰ্বংস কৰিলে। কিন্তু ইতিহাস সাক্ষী আছে বিস্তাৰবাদ নীতিক প্ৰশ্ৰয় দিয়া সকলে নিশ্চহ্ন হৈ গৈছে। দেশৰ লগত জৰিত যদি কোনো নেতাৰ কথা ভাবো তেন্তে মই প্ৰথমে দুগৰাকী মাতৃৰ ভৰি চুই প্ৰণাম কৰোঁ ৷প্ৰথমতে আমাৰ সকলোৰে ভাৰত মাতৃ আৰু দ্বিতীয়তে সেই বীৰ জোৱান সকলৰ মাতৃ, যাৰ গৰ্ভৰ পৰা আপোনালোকৰ দৰে বীৰসকলে জন্ম লাভ কৰিছে। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ৷

সেনাৰ কাৰণে আধুনিক যন্ত্ৰপাতিৰ ব্যৱস্থা কৰাৰ কথা উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় “সীমান্তৰ গঠনমূলক কাৰ্যত হোৱা ব্যয় তিনিগুণ বৃদ্ধি কৰা হৈছে। আমি জোৱানসকলক শক্তিশালী কৰিব লাগিব। লগতে মোদীয়ে সপোনৰ ভাৰত গঢ়ি তোলাৰ কথাও উল্লেখ কৰে। এই ক্ষেত্ৰত ১৩০ কোটি ভাৰতীয় পিছ পৰি নাথাকিব । আৰু ভাৰতক এখন আত্মনিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তোলাৰো সংকল্প লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

Exit mobile version